দেশৰ আগশাৰীৰ ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে দ্য বিগ বিলিয়ন ডে’জ ২০২৫-ৰ পূৰ্বে সমগ্ৰ দেশতে নিজৰ যোগান শৃংখলা আন্তঃগাঁথনিৰ এক বৃহৎ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৱে বাৰাণসী, পাটনা, মানেসৰ, ৰাঁচী, গাজিয়াবাদ, আগ্ৰা আৰু আগৰতলাকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহত নতুন ফুলফিলমেণ্ট চেণ্টাৰ (এফচি) আৰু অন্তিম মাইল হাব যোগ কৰিছে, যাৰ ফলত ২১,০০০তকৈও অধিক পিনকোড অঞ্চলত নিজৰ পদচিহ্নৰ সম্প্ৰসাৰণ-শক্তিশালী হৈছে। ৩৫ লাখ বৰ্গফুট এলেকাৰ এই সম্প্ৰসাৰণে মিণ্ট্ৰাৰ সামগ্ৰীকে ধৰি বৃহৎ, অ-বৃহৎ আৰু গেলামালৰ সামগ্ৰীৰ দ্ৰুত ডেলিভাৰীৰ শক্তি প্ৰদান কৰিব। মূল সুবিধাসমূহৰ ভিতৰত অন্যতম হৈছে বাৰাণসীত ২.০ লাখ বৰ্গফুটৰ এফচি-এ ৩৬০০ চাকৰিৰ সৃষ্টি কৰিব, ৪.৫ লাখ বৰ্গফুট এলেকাৰ পাটনা কেন্দ্ৰই ১১০০টা লোকক নিয়োজিত কৰি ১০০০ৰো অধিক পিন কোড অঞ্চলত সেৱা আগবঢ়ায় আৰু ১৪০ একৰ মাটিত বিস্তৃত মানেসৰত বৃহৎ পৰিসৰৰ আঞ্চলিক বিতৰণ কেন্দ্ৰই ১০,০০০ কৰ্মসংস্থাপন সৃষ্টি কৰিব। উত্তৰ-পূবৰ কথা ক’বলৈ গ’লে, ফ্লিপকাৰ্টে আগৰতলাত দৈনিক ৫,০০০ অৰ্ডাৰ প্ৰেৰণৰ সামৰ্থ্যৰে প্ৰথমটো গ্ৰচাৰী ফুলফিলমেণ্ট চেণ্টাৰ মুকলি কৰিছে। লজিষ্টিক প্ৰতিষ্ঠানসমূহে যোগান শৃংখল সংযোগৰ উন্নতিৰ সমান্তৰালভাৱে ব্যৱসায় আৰু গ্ৰাহক উভয়কে উপকৃত কৰিব বুলি আশা কৰিছে। উদ্যোগ পৰ্যবেক্ষকসকলে বিশ্বাস কৰে যে এই সম্প্ৰসাৰণে ডেলিভাৰীৰ সময়সীমা হ্ৰাস কৰিব, সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি কৰিব আৰু ন ন অঞ্চলত আঞ্চলিক ই-কমাৰ্চৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। সামগ্ৰিকভাৱে, ফ্লিপকাৰ্টৰ যোগান শৃংখলাৰ সম্প্ৰসাৰণে ২.২ লাখতকৈও অধিক ঋতুভিত্তিক কৰ্মসংস্থাপন সৃষ্টি কৰিছে, য’ত মহিলা, পিডব্লিউডি আৰু প্ৰথমবাৰৰ বাবে নিয়োজিত কৰ্মচাৰী নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰতৰ ১৯খন চহৰত প্ৰায় ৪০০খন নতুন মাইক্ৰ’ ফুলফিলমেণ্ট চেণ্টাৰৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ভাৰতৰ ই-কমাৰ্চ খণ্ডত নিজৰ নেতৃত্ব শক্তিশালী কৰি নিৰৱিচ্ছিন্ন উৎসৱৰ ডেলিভাৰী নিশ্চিত কৰাৰ লক্ষ্য লৈছে। Share this:FacebookX Related Post navigation বিপিএফ প্ৰধান হাগ্ৰামাই মনোনয়ন দাখিল কৰে শ্বপচিয়ে ঘোষণা কৰিছে বছৰৰ আটাইতকৈ ডাঙৰ বিক্ৰী: দ্য গ্ৰেণ্ড শ্বপচি মেলা