ভাৰতৰ ঘৰুৱা ই-কমাৰ্চ ক্ষেত্ৰখনৰ অগ্ৰদূত ফ্লিপকাৰ্টে ডিজিটেল পেমেণ্ট সেৱা সম্প্ৰসাৰণ কৰি ৫টা নতুন ৰিচাৰ্জ আৰু বিল পেমেণ্ট কেটেগৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই নতুন কেটেগৰীসমূহৰ ভিতৰত আছে ফাষ্টেগ, ডিটিএইচ ৰিচাৰ্জ, লেণ্ডলাইন, ব্ৰডবেণ্ড আৰু মোবাইল পোষ্টপেইড বিল পৰিশোধ, যিসমূহ বিদ্যুৎ আৰু মোবাইল প্ৰিপেইড ৰিচাৰ্জৰ বৰ্তমানৰ বিকল্পসমূহৰ সৈতে সংযোজন কৰা হৈছে। বিলডেস্কৰ সহযোগত আৰু ভাৰত বিল পেমেণ্টছ চিষ্টেম(বিবিপিএছ)ৰ সৈতে সহযোগিতাৰে আগবঢ়োৱা সেৱাসমূহৰ জৰিয়তে নিৰৱচ্ছিন্ন ইলেক্ট্ৰনিক বিল পেমেণ্টৰ সুবিধা প্ৰদান কৰি গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। সীমিত সময়ৰ অফাৰৰ অংশ হিচাপে গ্ৰাহকে ছুপাৰকইনৰ সৈতে ফ্লিপকাৰ্ট ইউপিআই ব্যৱহাৰ কৰি ১০% পৰ্যন্ত ৰিৱাৰ্ড ৰিডিম কৰিব পাৰে।ফ্লিপকাৰ্টৰ পেমেণ্ট আৰু ছুপাৰকইন খণ্ডৰ উপাধ্যক্ষ গৌৰৱ অৰোৰাই এই বিষয়ে কয় যে, “ডিজিটেল পেমেণ্ট উদ্যোগত দ্ৰুত উত্থানৰ লগে লগে গ্ৰাহকে নিজৰ বিল পৰিশোধৰ বাবে ক্ৰমান্বয়ে বাছি লৈছে ইলেক্ট্ৰনিক মোড। আমি ফ্লিপকাৰ্টৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আমাৰ সেৱাৰ নিৰ্বাচন বৈচিত্ৰ্যময় কৰি তুলিছোঁ যাতে গ্ৰাহকৰ বাবে ডিজিটেল পেমেণ্ট যাত্ৰা সৰল কৰি তোলাৰ লগতে নগদবিহীন অৰ্থনীতিৰ চৰকাৰৰ দৃষ্টিভংগীক আগুৱাই নিব পৰা যায়।” এই সহযোগিতাৰ বিষয়ে নিজৰ উত্সাহ প্ৰকাশ কৰি বিলডেস্কৰ সহ-প্ৰতিষ্ঠাপক আৰু সঞ্চালক অজয় কৌশলে কয় যে, “এই কৌশলগত সম্প্ৰসাৰণে ফ্লিপকাৰ্টৰ গ্ৰাহকসকলক নিৰৱচ্ছিন্ন বিল পেমেণ্টৰ অভিজ্ঞতা লাভ কৰিবলৈ, সময়মতে নটিফিকেচন লাভ কৰিবলৈ আৰু বিবিপিএছৰ সামৰ্থ্যৰ সহায় লৈ নিজৰ পছন্দৰ বিলাৰৰ মাজত প্ৰাপ্য ধনৰাশি পৰীক্ষণৰো অনুমতি দিয়ে।” গুৱাহাটীত এই পদক্ষেপে সুবিধাজনক, সুৰক্ষিত আৰু ৰিৱাৰ্ড প্ৰদান কৰা ডিজিটেল পেমেণ্ট অভিজ্ঞতা প্ৰদান কৰি স্থানীয় বজাৰসমূহত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। ইলেক্ট্ৰনিক লেনদেনৰ ট্ৰেণ্ড বাঢ়ি অহাৰ লগে লগে গুৱাহাটীৰ ব্যৱসায়ী আৰু গ্ৰাহকসকলে এতিয়া ফ্লিপকাৰ্টত বজাৰ কৰাৰ সময়ত বাধাহীনভাৱে বিল পৰিশোধৰ সুবিধা উপভোগ কৰিব পাৰিব। Share this:FacebookX Related Post navigation বৰ্ধিত ৰেডএক্স প্লেন ঘোষণা ভিৰ; পোষ্টপেইড ব্যৱহাৰকাৰীৰ বাবে প্ৰদান নেটফ্লিক্স আৰু প্ৰিমিয়াম সুবিধা শ্বপচিয়ে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰ সৈতে তৃতীয় বাৰ্ষিকী উদযাপন কৰে