শিমলতাপু আৰক্ষী আউটপোষ্টৰ একাংশ আৰক্ষী কৰ্মীৰ বৰ্বৰ লাঠিচালনাৰ অভিযোগক কেন্দ্ৰ কৰি যোৱানিশা শ্ৰীৰামপুৰ অঞ্চলত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ। বনভোজ খাই উভতি অহা গোঁসাইগাঁও বাৰ এছ’চিয়েশ্যনৰ প্ৰায় ৮০ জনীয়া অধিবক্তাৰ এটা দলৰ ওপৰত আৰক্ষীয়ে চলোৱা এই আক্ৰমণত ৫ গৰাকী অধিবক্তা আহত হোৱাৰ লগতে এগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্যমতে, অধিবক্তাসকলৰ বাছখন শ্ৰীৰামপুৰ গেটত আৰক্ষীয়ে ৰখোৱাৰ সময়তে এখন এম্বুলেন্সক পথ এৰি দিবলৈ কৰা অনুৰোধক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হয়। তৰ্কাতৰ্কিৰ মাজতে এগৰাকী আৰক্ষী জোৱানে অধিবক্তা চকিয়াত আলীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ পাছতেই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। একাংশ লোকে আৰক্ষীৰ পৰা লাঠি কাঢ়ি লৈ অধিবক্তাসকলক আক্ৰমণ কৰাৰ ফলত ইনামুল হক নামৰ অধিবক্তাগৰাকী গুৰুতৰভাৱে আহত হয়। আনকি আহত অধিবক্তাজনক সহায় কৰিবলৈ আগবাঢ়ি অহা এগৰাকী মহিলা ৰান্ধনীকো আৰক্ষীয়ে লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে নিশা ১ বজালৈকে শ্ৰীৰামপুৰ আৰক্ষী আউটপোষ্টত অধিবক্তাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গোঁসাইগাঁৱৰ মহকুমা আৰক্ষী বিষয়া আৰু গোঁসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্তৰ আশ্বাস দিয়াতহে পৰিস্থিতি কিছু শান্ত হয়। ইতিমধ্যে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ বিনায়ক দামোদৰ সাভৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবীত সৰৱ মোহন ভাগৱত; সমৰ্থনত থিয় দিলে কংগনা ৰানাৱটে