বন্ধ কোঠাৰ ভিতৰত একেটা পৰিয়ালৰে পাঁচগৰাকীকৈ সদস্যৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে পুৱা ছাহৰনপুৰ জিলাৰ সৰসাৱা থানাৰ অন্তৰ্গত কৌশিক বিহাৰ কলনীত পোহৰলৈ আহে এই মৰ্মান্তিক হত্যাকাণ্ডৰ ঘটনা।

আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, মৃতসকলক ভূমি জৰীপকাৰী অশোক ৰাঠী (৪০), তেওঁৰ পত্নী অজন্তা (৩৭), মাতৃ বিদ্যাবতী (৭০) আৰু দুই পুত্ৰ কাৰ্তিক (১৬) তথা দেৱ (১৩) বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ হোৱা আটাইকেইটা মৃতদেহৰ মূৰত অতি ওচৰৰ পৰা গুলীওৱাৰ চিন স্পষ্ট হৈ আছে। বিশেষকৈ অশোক ৰাঠীৰ মৃতদেহৰ কাষতে আৰক্ষীয়ে তিনিটাকৈ লোড কৰা পিষ্টল উদ্ধাৰ কৰাত ঘটনাটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে।

ছাহৰনপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আশীষ তিৱাৰীয়ে জানিবলৈ দিয়া মতে, ফৰেনছিক দল আৰু শীৰ্ষ আৰক্ষী বিষয়াসকলে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা পিষ্টলকেইটা দেশীয় নিৰ্মিত বুলি চিনাক্ত কৰা হৈছে আৰু এইসমূহৰ অনুজ্ঞাপত্ৰ আছিল নে নাই, সেই সন্দৰ্ভত পৰীক্ষা চলাই থকা হৈছে। মৃত অশোক ৰাঠীয়ে পিতৃৰ মৃত্যুৰ পিছত অনুকম্পামূলক ভিত্তিত চাকৰি লাভ কৰি নাকুৰ তহচিলত কৰ্মৰত আছিল।

আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘৰটো ছীল কৰি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ওচৰ-পাজৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে পাৰিবাৰিক বিবাদ বা অন্য কোনো কাৰণ এই মৃত্যুৰ আঁৰত আছে নেকি, সেই দিশৰ পৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। একেটা কোঠাতে পাঁচটা মৃতদেহ আৰু তিনিটাকৈ পিষ্টল উদ্ধাৰ হোৱা বিষয়টোৱে এয়া সামূহিক আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড, তাক লৈ সন্দেহ ঘনীভূত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *