মানৱ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ অৰ্থে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে চলিত মাহত আয়োজন কৰা এলানি প্ৰশিক্ষণ কাৰ্যসূচীত পূৱ অসমৰ মানৱ-হাতী সংঘাত প্ৰভৱিত বিভিন্ন অঞ্চলৰ শতাধিক মহিলাৰ লগতে বহুকেইজন পুৰুষক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ দিয়া হয়। ডাৰউইন ইনিছিয়েটিভৰ সমৰ্থনত আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট্ৰে অসমৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহযোগত এই প্ৰশিক্ষণলানি অনুষ্ঠিত কৰে।

তিনিচুকীয়া জিলাৰ শদিয়াৰ পদুমফুলাত ২৭ ডিচেম্বৰত আয়োজিত এনে এটা সমূহীয়া প্ৰশিক্ষণ কাৰ্যসূচীত ১৯ গৰাকী মহিলাৰ লগতে ৪ জন পুৰুষক প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ অংশহিচাপে এজন আঘাতপ্ৰাপ্ত লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ পদ্ধতি প্ৰদৰ্শন কৰা হয়। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তিনিচুকীয়াৰ ভাৰপ্ৰাপ্ত উপ-নিয়ন্ত্ৰক ৰুপান্ত সোনোৱাল, ৱায়াৰলেছ অপাৰেটৰ তথা ডেমনষ্ট্ৰেটৰ মানৱজ্যোতি পায়েং আৰু সক্ৰিয় স্বেচ্ছাসেৱক কৌশিক হাজৰিকাকে ধৰি বিভাগৰ চাৰিজনীয়া এটা দলে প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি অংশগ্ৰহণকাৰী সকলৰ সৈতে মত-বিনিময় কৰে।

দলটোৱে প্ৰথমিক চিকিৎসাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু অৱলম্বন কৰিবলগীয়া কেতবোৰ সাৱধানতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে কিছু অনুশীলন প্ৰদৰ্শন কৰে। শদিয়াৰ চাৰিগৰাকী আপদা মিত্ৰয়ো কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *