উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এলানি কৰ্মশালাত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ আৰু অসমৰ যোৰহাট জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত পাঁচখন গাঁৱৰ দুই শতাধিক লোকক প্ৰাথমিক চিকিত্সা প্ৰদান বিষয়ক প্ৰশিক্ষণ দিয়া হয়। স্থানীয় লোকৰ সৱলীকৰণ আৰু মানৱ-হাতী সংঘাত প্ৰশমনৰ ফলপ্ৰসু কৌশল কাৰ্যকৰীকৰণৰ জৰিয়তে মানৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ অৰ্থে ডাৰউইন ইনিছিয়েটিভৰ সহযোগত আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে গ্ৰহণ কৰা যৌথ উদ্যোগৰ অংশহিচাপে পশ্চিম গাৰো পাহাৰৰ তিনিখন আৰু যোৰহাটৰ দুখন গাঁৱত কৰ্মশালা কেইখন অনুষ্ঠিত কৰা হয়। মেঘালয়ৰ এছ ডি আৰ এফ আৰু অসমৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহযোগত আয়োজিত কৰ্মশালা লানিত গাওঁবাসীক মানৱ-হাতী সংঘাতৰ সময়ত আৰু এনে সংঘাত প্ৰভাৱিত অঞ্চলত বাস কৰা লোকসকলে সন্মুখীন হ’ব পৰা জৰুৰী পৰিস্থিতিত জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় কৌশলৰ প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাত অংশগ্ৰহণকাৰী সকলক এজন আঘাতপ্ৰাপ্ত লোকক প্ৰাথমিক চিকিৎসা প্ৰদানৰ হাতে-কামে প্ৰশিক্ষণ দিয়া আৰু বিপদৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ আখৰা অনুষ্ঠিত কৰাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উপযুক্ত চিকিৎসা নোপোৱালৈকে দুৰ্গম এলেকাত প্ৰাথমিক চিকিৎসাই কিদৰে এজন আঘাতপ্ৰাপ্ত লোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে সেই সম্পৰ্কে অংশগ্ৰহণকাৰী সকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ বৰগোবল, জমডামগ্ৰী আৰু বৰডুবি আৰু অসমৰ যোৰহাট জিলাৰ সৰগুণৰাজ আৰু হাতীশাল চাপৰি গাঁৱত অনুষ্ঠিত কৰ্মশালালানিত ১০৩ গৰাকী মহিলা আৰু ১১২ জন পুৰুষক প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ দিয়া হয় । Share this:FacebookX Related Post navigation এডভাণ্টেজ আছাম ২.০ৰ অন্তিম দিনা ১০,৭৮৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত স্বাক্ষৰ জৈৱ বৈচিত্ৰ্য, পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি