অষ্ট্ৰেলিয়াৰ ছিডনীৰ ব’ণ্ডি বীচত ভয়ংকৰ গুলীচালনাৰ ঘটনা । এই ঘটনাত বৰ্তমানলৈ ১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয় । নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে আন এজন আক্ৰমণকাৰীৰ অৱস্থা সংকটজনক । গুলীচালনা কৰা লোকসকল পিতৃ-পুত্ৰ বুলি কৰ্তৃপক্ষই জনায় ৷১০ গৰাকী সাধাৰণ লোকৰ মৃত্যু ইতিমধ্যে নিশ্চিত হৈছে । নিহতৰ ভিতৰত এজন আক্ৰমণকাৰী বুলি অনুমান কৰা হৈছে । দ্বিতীয়জন অভিযুক্তৰো অৱস্থা সংকটজনক । বৰ্তমানলৈ ১১ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে, ইয়াৰ ভিতৰত দুগৰাকী আৰক্ষী বিষয়াও আছে ।নিউ ছাউথ ৱেলছ আৰক্ষীয়ে বীচ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সতৰ্কবাণী জাৰি কৰিছে । এক্সৰ এটা পোষ্টত আৰক্ষীয়ে কয়, “ঘটনাস্থলীত যিকোনো ব্যক্তিয়ে আশ্ৰয় গ্ৰহণ কৰিব নালাগে । বিষয়াসকল সেই স্থানতে আছে আৰু অধিক তথ্য পৰৱৰ্তী সময়ত প্ৰদান কৰা হ’ব ।” Share this:FacebookX Related Post navigation কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু শৰীৰ সতেজ ৰাখে এইবিধ খাদ্যই চিকিৎসাৰ বাবে আহি অসমত বিবাহ! অৱশেষত ভাৰতীয় নাগৰিকত্ব লাভ বাংলাদেশী মহিলাৰ