হংকঙৰ আৱাসিক টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ আশংকা। ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা।হংকঙৰ টাইপো অঞ্চলৰ ৱাং ফুক ক’ৰ্ট নামৰ এটা হাউছিং কমপ্লেক্সত সংঘটিত হয় এই অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত অঞ্চলত আতংকৰ সৃষ্টি হয়। লগে লগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে অগ্নিকাণ্ড ভিডিঅ’ । ভিডিঅ’টোত দেখা গৈছে যে বহু দূৰলৈকে বিস্তৃত হৈ আছে ধোঁৱা আৰু জুইৰ বিশাল শিখা।

Leave a Reply

Your email address will not be published. Required fields are marked *