আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হোৱাইট হাউচত সাক্ষাৎ কৰি ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে উপহাৰ দিলে নিজৰ আচল ‘নোবেল শান্তি বঁটা’ৰ মেডেলটো। ২০২৫ চনৰ নোবেল শান্তি বঁটা বিজয়ী মাচাডোৱে ভেনিজুৱেলাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক ক্ষমতাচ্যুত কৰাৰ ক্ষেত্ৰত ট্ৰাম্পে আগবঢ়োৱা সহযোগিতাৰ প্ৰতি কৃতজ্ঞতা জনাই এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰে। চিবিএছৰ এক প্ৰতিবেদন অনুসৰি, সাক্ষাৎকাৰৰ সময়ত নেত্ৰীগৰাকীয়ে ট্ৰাম্পক আমেৰিকাৰ মুক্তিদাতা জৰ্জ ৱাশ্বিংটনৰ ‘প্ৰকৃত উত্তৰাধিকাৰী’ বুলিও অভিহিত কৰিছে। মাচাডোৱে এই মেডেলটো ট্ৰাম্পক হস্তান্তৰ কৰাৰ সময়ত ২০০ বছৰ পুৰণি এক বিশেষ কাহিনীৰ অৱতাৰণা কৰে। তেওঁ উল্লেখ কৰে যে যিদৰে পূৰ্বে জৰ্জ ৱাশ্বিংটনৰ মুখ অংকিত এটা মেডেল দক্ষিণ আমেৰিকাৰ মুক্তিদাতা চাইমন বলিভাৰক উপহাৰ দিয়া হৈছিল, ঠিক তেনেদৰে বলিভাৰৰ বংশধৰ হিচাপে তেওঁ আজি এই নোবেল মেডেলটো ট্ৰাম্পক অৰ্পণ কৰিছে। উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথম কাৰ্যকালৰে পৰা নোবেল শান্তি বঁটা লাভ কৰাৰ তীব্ৰ ইচ্ছা প্ৰকাশ কৰি আহিছিল আৰু এতিয়া মাচাডোৰ জৰিয়তে তেওঁ প্ৰকৃত মেডেলটো লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে মাচাডোৱে ট্ৰাম্পক ইমান সন্মান প্ৰদৰ্শন কৰিলেও, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে সমৰ্থন দিয়াৰ ক্ষেত্ৰত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। হোৱাইট হাউচৰ মুখপাত্ৰ কেৰোলাইন লিভিটে জনোৱা মতে, মাচাডোৰ ওপৰত ভেনিজুৱেলাৰ প্ৰতিষ্ঠিত শ্ৰেণীৰ সমৰ্থনৰ অভাৱ থকাৰ বাবে ট্ৰাম্পে বৰ্তমান তেওঁক শাসনভাৰ অৰ্পণ কৰাৰ কথা চিন্তা কৰা নাই। ইফালে, মাদুৰোক ক্ষমতাচ্যুত কৰাৰ পাছতে আমেৰিকা চৰকাৰে ভেনিজুৱেলাৰ সম্পদসমূহৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি কৰি তৈলবাহী জাহাজসমূহ জব্দ কৰা প্ৰক্ৰিয়াও তীব্ৰতৰ কৰি তুলিছে। Share this:FacebookX Related Post navigation টেলি প্ৰাইম প্লেটফৰ্মৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে টেলি প্ৰাইম ৭.০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে ভাৰতীয় জলসীমা উলংঘন: পাক নৌকাসহ ৯ পাকিস্তানীক গ্ৰেপ্তাৰ