অসমৰ ক্ৰীড়া ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰি বিশ্ব ফুটবলৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ আৰু বহুকাংক্ষিত ‘ফিফা বিশ্বকাপ ট্ৰফী’ প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিবলৈ সাজু হৈছে অসমৰ মাটিত। বিশ্ব ক্ৰীড়াৰ এই অনন্য প্ৰতীকৰ আগমনে অসমক আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ মানচিত্ৰত এক নতুন পৰিচয় দিয়াৰ লগতে ৰাজ্যখনৰ যুৱ ক্ৰীড়াবিদ আৰু অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামৰ কনফাৰেন্স হলত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই এই ঐতিহাসিক ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ১৩ জানুৱাৰীৰ পুৱা ১০ বজাত ফিফা বিশ্বকাপৰ ট্ৰফীটো গুৱাহাটীত আহি উপস্থিত হ’ব। সেইদিনাই বিয়লি ৩ বজাৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বিশেষ মঞ্চত এই ট্ৰফীটো সৰ্বসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হ’ব। নিশা ৮:৩০ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী উদ্বোধন কৰিব। উল্লেখ্য যে, ১২ বছৰৰ এক দীৰ্ঘ বিৰতিৰ পিছত ভাৰতলৈ অহা এই ট্ৰফীটো অসমলৈ অনাৰ সিদ্ধান্তই ৰাজ্যখনৰ ফুটবলৰ প্ৰতি থকা আৱেগক পুনৰ প্ৰমাণ কৰিছে। সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ বাবে এই অনুষ্ঠানৰ প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে। এই বিশেষ ক্ষণটোক অধিক উলাহৰ কৰি তুলিবলৈ বিয়লি ৩ বজাৰ পৰা ‘কোক ষ্টুডিঅ”ৰ মঞ্চত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। য’ত জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ আৰু ঋতু ৰিবাকৰ লগতে আন কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰিব। অসমত ফিফা বিশ্বকাপ ট্ৰফীৰ এই ভ্ৰমণে তৃণমূল পৰ্যায়ৰ ক্ৰীড়া সংস্কৃতি শক্তিশালী কৰাৰ লগতে নতুন প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation বাংলাদেশত পুনৰ হিন্দুক হত্যা ৰাজপথত অঘৰী পশুৰ উপদ্ৰৱঃ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ দুৰ্ঘটনাৰ খবৰেৰে শুনানি আৰম্ভ