প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, ২০ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰৰ দিনৰ ১২ বজালৈ গুৱাহাটীৰ সকলো ফেৰী সেৱা স্থগিত থাকিব। প্ৰধানমন্ত্ৰীৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ লোৱা হৈছে।

উল্লেখনীয় যে, ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব। ইয়াৰ পাছৰ দিনা অৰ্থাৎ ২১ ডিচেম্বৰত তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুত ‘চৰাইদেউ’ ক্ৰুজত উঠি শিক্ষাৰ্থীৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশ লোৱাৰ কথা আছে। প্ৰধানমন্ত্ৰীৰ ব্ৰহ্মপুত্ৰ যাত্ৰাৰ বাবেই নদী পথত যাত্ৰীবাহী ফেৰী চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

এই নিৰ্দেশনাৰ ফলত বিশেষকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়ত কৰা হাজাৰ হাজাৰ নিত্য যাত্ৰী সমস্যাৰ সন্মুখীন হ’ব। প্ৰশাসনে যাত্ৰীসকলক এই সময়ছোৱাত বিকল্প স্থল পথ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে। ফেৰী চালক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই নিৰ্দেশ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। ২১ ডিচেম্বৰৰ দুপৰীয়া ১২ বজাৰ পাছত ফেৰী চলাচল পুনৰ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *