টপছ এণ্ড ৰজনীগন্ধা পাৰ্লছৰ সহযোগত আয়োজিত ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ হীৰক জয়ন্তী সংস্কৰণৰ গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব লগা ৰাজ্যিক বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৬০সংখ্যক ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ীগৰাকীয়ে ৭৩ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। প্ৰতিযোগিতাখনৰ ঐতিহাসিক সংস্কৰণটো এক বিশাল আৰু অনন্য কৰি তুলিবলৈ সকলো আয়োজন কৰা হৈছে, যিয়ে ভাৰতীয় মহিলাসকলৰ ভৱিষ্যতক প্ৰতিফলিত কৰি প্ৰতিযোগিতাখনৰ সমৃদ্ধ ইতিহাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। ৬০ বছৰীয়া জয়ন্তীত এই প্ৰতিযোগিতাখনে মহিলা সবলীকৰণৰ উত্তৰাধিকাৰক বজাই ৰখাৰ লগতে নাৰীৰ প্ৰতিভা, বুদ্ধিমত্তা আৰু সৌন্দৰ্য প্ৰদৰ্শনৰ বাবে এখন উত্কৃষ্ট মঞ্চ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ অৰুন্ধতী শইকীয়া, অৰুণাচল প্ৰদেশৰ তাডু লুনীয়া, নাগালেণ্ডৰ জেণ্টিৰেন জমিৰ, মণিপুৰৰ চাঞ্চুই খায়ী, মিজোৰামৰ লালছাংকিমি, ত্ৰিপুৰাৰ নিকিতা ঘোষ, মেঘালয়ৰ এঞ্জেলিয়া এন মাৰৱেইন, ছিকিমৰ চাহাৰা চুব্বা, হিমাচল প্ৰদেশৰ আভা কাত্ৰে, পঞ্জাৱৰ অমৃতা ছেঠী, উত্তৰাখণ্ডৰ সাক্ষী যোশী, হাৰিয়ানাৰ সুপ্ৰিয়া দহিয়া, দিল্লীৰ ছিফটি সিং চাৰাং, উত্তৰ প্ৰদেশৰ দিব্যাংশী বাট্ৰা, মধ্যপ্ৰদেশৰ নিকিতা পৰৱাল, ছত্তীশগড়ৰ বিশাখা ৰায়, ওড়িশাৰ অনন্যা পাণ্ডা, ঝাৰখণ্ডৰ ৰিয়া নন্দিনী, বিহাৰৰ অদিতি ঝা, পশ্চিম বংগৰ ডলী সিং, অন্ধ্ৰপ্ৰদেশৰ ভব্যা ৰেড্ডী, তেলেংগানাৰ প্ৰকৃতি কাম্বাম, তামিলনাডুৰ মালিনা, কেৰেলাৰ অক্ষতা মিতিনয়, কৰ্ণাটকৰ অপেক্ষা ছেট্টী, গোৱাৰ শ্ৰুতি ৰাউল, মহাৰাষ্ট্ৰৰ আৰ্ছিয়া ৰছিদ, গুজৰাটৰ আয়ূশী ঢোলাকিয়া, ৰাজস্থানৰ বৈষ্ণৱী শৰ্মা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত হৈছে ৰেখা পাণ্ডেই। Share this:FacebookX Related Post navigation এমজি উইণ্ডছৰ ঘোষণা কৰিছে ‘ইনফিনিটী ভিউ গ্লাছ ৰুফ’ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেঙ্কে সমগ্ৰ উত্তৰ-পূব অঞ্চলত ৩০ৰো অধিক শাখা মুৰব্বী নিয়োগ কৰাৰ লক্ষ্য ৰাখিছে