গুজৰাটৰ আহমেদাবাদত এক লোমহৰ্ষক ঘটনাৰ পাছত পিতৃ-পুত্ৰীক বচাবলৈ এক নাটকীয় অভিযান চলায় অগ্নিনিৰ্বাপক বাহিনীয়ে। চণ্ডলোদিয়া অঞ্চলৰ গজলজ ছ’চাইটিত থকা জৈন দেৰাচাৰা নামৰ এটা স্থানত এটা ৬০ ফুট গভীৰ, পানীৰে ভৰ্তি ব’ৰৱেলৰ পৰা উদ্ধাৰ কৰা হয় পিতৃ-কন্যাক।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত পৰিয়ালটোৱে তাত মালী হিচাপে কাম কৰি আছিল। বিষয়াসকলে জনোৱা মতে, প্ৰথমে ১৯ বছৰীয়া অঞ্জলি দুৰ্ঘটনাগতভাৱে ব’ৰৱেলত পৰি যায়। ইয়াৰ পিছতে অঞ্জলিক বচাবলৈ পিতৃ ৰাজেশ চাইনীয়ে (৪৫) ব’ৰৱেলটোৰ ভিতৰলৈ জাঁপ মাৰে যদিও দুয়োজনেই ভিতৰত আৱদ্ধ হৈ পৰে।

ইফালে, ব’ৰৱেলটো পানীৰে ভৰি থকাৰ বাবে স্থানীয় লোকসকলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। লগে লগে তেওঁলোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। নৱৰংপুৰা ফায়াৰ ষ্টেচনৰ এটা দলে লগে লগে ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে উদ্ধাৰ অভিযান চলাই পিতৃক-কন্যা উভয়কে জীৱিত অৱস্থাত উদ্ধাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *