বিশ্বৰ শিল্পকলাৰ জগতত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰি ১৭ ডিচেম্বৰৰ মাজনিশা ইহলীলা সম্বৰণ কৰিলে প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জী সুতাৰে। গুজৰাটৰ নৰ্মদা নদীৰ পাৰত থকা বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ‘ষ্টেচু অফ ইউনিটী’ৰ নক্সা প্ৰস্তুত কৰি তেওঁ বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। উত্তৰ প্ৰদেশৰ নয়ডাত থকা নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে বুলি পুত্ৰ অনিল সুতাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

১৯২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাম সুতাৰ সৰুৰে পৰা মাটিৰ কামৰ প্ৰতি আকৰ্ষিত আছিল। মুম্বাইৰ জে জে স্কুল অফ আৰ্টৰ পৰা স্বৰ্ণ পদক লাভ কৰা সুতাৰে তেওঁৰ সুদীৰ্ঘ কেৰিয়াৰত ৫০ টাতকৈও অধিক বিশাল মূৰ্তি নিৰ্মাণ কৰিছে। সংসদ ভৱনৰ ভিতৰত থকা ধ্যানমগ্ন মহাত্মা গান্ধীৰ মূৰ্তি আৰু ঘোঁৰাত উঠি থকা ছত্ৰপতি শিৱাজী মহাৰাজৰ মূৰ্তি তেওঁৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি।

শিল্পকলাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৯৯ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল। শেহতীয়াকৈ তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ সৰ্বোচ্চ সন্মান ‘মহাৰাষ্ট্ৰ ভূষণ’ বঁটাও লাভ কৰিছিল। তেওঁৰ মৃত্যুত দেশৰ বিভিন্ন মহলত গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলে এইগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *