অন্ত পৰিল ভাৰতীয় সংবাদ জগতৰ এক সুৱৰ্ণ অধ্যায়ৰ। আশী আৰু নব্বৈৰ দশকৰ ভাৰতীয় দূৰদৰ্শনৰ প্ৰসিদ্ধ বাতৰি পৰিৱেশিকা সৰলা মহেশ্বৰীয়ে বৃহস্পতিবাৰে দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে। ৭১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা মহেশ্বৰীয়ে কেৱল বাতৰি উপস্থাপনৰ জৰিয়তেই নহয়, এগৰাকী দক্ষ ৰাজ্যসভাৰ সাংসদ হিচাপেও ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে বাৰ্ধক্যজনিত কাৰণত তেওঁ মৃত্যুক সাৱটি লয়। ১৯৮০ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত ডি ডি নেচনেলৰ পৰ্দাত নিজৰ সংযমী ব্যক্তিত্ব আৰু স্পষ্ট উচ্চাৰণেৰে তেওঁ দৰ্শকৰ মন জয় কৰিছিল। তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে ছচিয়েল মিডিয়াত অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দূৰদৰ্শনৰ ফালৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত তেওঁক সংবাদ জগতৰ এগৰাকী সন্মানীয় ব্যক্তিত্ব হিচাপে অভিহিত কৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে। সাংবাদিকতাৰ সফল কেৰিয়াৰৰ পাছত ৰাজনীতিৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত থকা মহেশ্বৰীয়ে চি পি আই (এম) দলৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ প্ৰাক্তন সহকৰ্মী তথা প্ৰবীণ বাতৰি পৰিৱেশক শাম্মি নাৰঙে এই বিয়োগত মৰ্মাহত হৈ কয় যে সৰলা মহেশ্বৰীৰ বাতৰি পৰিৱেশন শৈলী সেই সময়ৰ সংবাদ জগতৰ বাবে এক নতুন আদৰ্শ আছিল। ডি ডি নেচনেলৰ এক্স হেণ্ডেলত উল্লেখ কৰা অনুসৰি, “তেওঁৰ কোমল কণ্ঠ আৰু স্পষ্ট উচ্চাৰণে ভাৰতীয় সংবাদ জগতত আৰু দৰ্শকৰ মাজত এক বিশেষ স্থান অৰ্জন কৰিছিল।” Share this:FacebookX Related Post navigation NPPত যোগদান উত্তৰ-পূবৰ জনপ্ৰিয় জনজাতীয় নেতা ডেনিয়েল লাংথাছাৰ মাজুলীৰ পৰা আত্মবিশ্বাসী ঘোষণা মুখ্যমন্ত্ৰীৰঃ জালুকবাৰীত এক লাখ ভোটত জয় নিশ্চিত