আকৌ আহিল মন উতনুৱা কৰা দুষ্ট ফাগুন।বুকুত হাজাৰ শিহৰণ জগাই আহিল মন-প্ৰাণ চঞ্চল কৰা ফাগুন ৷ মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰুজ্জীৱিত হোৱাৰ দিশত গতি কৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰকৃতিয়ে মেলি দিছে ৰঙা ফুলৰ নৈসৰ্গিক পৰিৱেশ ।যেনিয়ে চায় কেৱল ৰঙা আৰু ৰঙা।কিয়নো এয়া যে ফাগুনৰ বতৰ।বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিয়ৰী বাটেৰে আহিছে ফাগুন ৷ ধূলিময় পৰিৱেশতো ফাগুন অহাৰ বাটত ৰঙা দলিছা পাৰি দিছে শিমলুৱে ৷
উল্লেখযোগ্য যে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত লাওখোৱা, বঢ়াচাপৰি অভয়াৰণ্যই পুনৰ ঠন ধৰি উঠাৰ সময়তেই যেন হাত উজান দিছে প্ৰকৃতিয়েও । অভয়াৰণ্য দুখনৰ এক বিনন্দীয়া পৰিৱেশে হাত বাউলি মাতিছে হাজাৰ হাজাৰ পৰ্যটকক ।এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত লাওখোৱা, বঢ়াচাপৰি অভয়াৰণ্যই পুনৰ ঠন ধৰি উঠাৰ সময়তেই যেন হাত উজান দিছে প্ৰকৃতিয়েও । অভয়াৰণ্য দুখনৰ এক বিনন্দীয়া পৰিৱেশে হাত বাউলি মাতিছে পৰ্যটকক ।অভয়াৰণ্য দুখনৰ চৰাইৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ শিমলু উৎসৱৰ জড়িয়তেই শুভাৰম্ভ কৰে বিশেষ চাইক্লিঙৰ ব্যৱস্থাৰ । আগন্তুক এপ্ৰিললৈকে চলিবলগীয়া চাইক্লিঙৰে হাজাৰ হাজাৰ শিমলু গছত ফুলা ফুলৰ পৰিৱেশ উপভোগৰ লগতে পৰ্যটকে লাভ কৰিব চৰাইৰ দৃশ্য উপভোগৰ সুবিধা ।

Leave a Reply

Your email address will not be published. Required fields are marked *