আগন্তুক ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত তীব্ৰ তৎপৰতা আৰম্ভ হৈছে। ইয়াৰে দুখন আসনৰ বাবে বিজেপিৰ নিৰ্বাচনী সমিতিয়ে ইতিমধ্যে দুজন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰিছে। দেওবাৰে গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে।

তৃতীয়খন আসনৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও ৰহস্য অব্যাহত ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী পক্ষৰ ৰণনীতি পৰ্যবেক্ষণ কৰিহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। তেওঁ স্পষ্ট কৰি দিয়ে যে তৃতীয়খন আসনৰ বাবে এজন যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব, কিন্তু সেই সিদ্ধান্ত ল’বলৈ বিজেপি দলে কিছু সময় ল’ব। ইফালে ইউ পি পি এলৰ প্ৰমোদ বড়োৰ নামটো চৰ্চালৈ অহা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয় আৰু বিজেপিয়ে বি টি চিৰ ৰাজনীতিত কোনো ধৰণৰ হস্তক্ষেপ নকৰে।

আনহাতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত চলি থকা সংঘাতক লৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰে। বিশেষকৈ সংখ্যালঘু সমষ্টিক লৈ দুই বিৰোধী দলৰ মাজত চলা টনা-আঁজোৰাক লৈ তেওঁ কয়, “দুখ এইটো লাগিছে যে সংখ্যাগুৰু সমষ্টিক লৈ তেওঁলোকৰ মাজত কাজিয়া নালাগে। তাৰ মানে কংগ্ৰেছ আৰু ৰাইজৰ দল উভয়েই সংখ্যাগুৰু সমাজক বাদ দিছে।” মিত্ৰতাৰ প্ৰসংগত তেওঁ কয় যে বিজেপিৰ মিত্ৰতাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াক লৈ কোনো ধৰণৰ আনুষ্ঠানিক জটিলতা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *