ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ভয়াৱহ অভিযোগক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ বাকযুদ্ধৰ সূচনা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা কথিত সংযোগৰ সবিশেষ তথ্য চলিত জানুৱাৰী মাহৰ শেষৰ ফালে ৰাজহুৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। শুকুৰবাৰে গোৰেশ্বৰত এক চৰকাৰী কাৰ্যসূচীৰ মাজতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে সংশ্লিষ্ট বিষয়ৰ নথিপত্ৰসমূহ বৰ্তমান প্ৰস্তুত কৰি থকা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈৰ পত্নী আৰু সন্তানৰ ব্ৰিটিছ নাগৰিকত্বক লৈও তীব্ৰ আক্ৰমণ চলাই কয় যে অসমৰ জনসাধাৰণে এনে এজন ব্যক্তিক ৰাজ্যৰ ‘বৰঘৰ’ত কেতিয়াও গ্ৰহণ নকৰে। বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অভিযোগ কৰি আহিছে যে গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে সম্পৰ্ক আছে। এই সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী দলে ইতিমধ্যে যোৱা ১০ ছেপ্টেম্বৰতে প্ৰতিবেদন দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে, এই তথ্যসমূহ ৰাজহুৱা কৰাত হোৱা বিলম্বৰ কাৰণ হিচাপে যোৱা ছেপ্টেম্বৰ মাহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা বৈদেশিক অনুদান নিয়ন্ত্ৰণ আইনৰ অধীনত এক স্পষ্টীকৰণৰ বাবে অপেক্ষা কৰি থকা হৈছে। অৱশ্যে সেই স্পষ্টীকৰণ লাভ নকৰিলেও জানুৱাৰীৰ ভিতৰতে সকলো ৰহস্য ফাদিল কৰা হ’ব বুলি তেওঁ দাবী কৰিছে। পাকিস্তানক শত্ৰু দেশ হিচাপে অভিহিত কৰি তেওঁ প্ৰশ্ন উত্থাপন কৰে যে এগৰাকী ভাৰতীয় জনপ্রতিনিধিৰ পৰিয়ালৰ কিয় এনে দেশৰ সৈতে সংযোগ থাকিব লাগে। আনহাতে, এই সমগ্ৰ অভিযোগক ‘হাস্য্যকৰ, ভিত্তিহীন আৰু অৰ্থহীন’ বুলি প্ৰত্যাখ্যান কৰিছে গৌৰৱ গগৈয়ে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তথ্য অবিহনে কোনো এটা ৰাজনৈতিক দলৰ ‘আইটি চেল ট্ৰল’ৰ দৰে আচৰণ কৰা বুলি ওলোটাই সমালোচনা কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনে ধৰণৰ গুৰুতৰ অভিযোগে ৰাজ্যৰ ৰাজনীতিত কি প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষ্যণীয় হ’ব। Share this:FacebookX Related Post navigation জয়পুৰত সুৰাসক্ত চালকৰ তাণ্ডৱ! তীব্ৰবেগী অ’ডিৰ খুন্দাত এজনৰ মৃত্যু, ১৬ জন আহত আমি মুছলমানৰ বিৰোধী নহয়, সন্ত্ৰাসবাদ আৰু পাকিস্তানৰহে বিৰোধীঃ নীতিন গাডকাৰী