ছিৰিয়াৰ গৃহযুদ্ধৰ তেজ এতিয়াও যেন শুকোৱা নাই। দেশখনত দীৰ্ঘদিন ধৰি চলি থকা সাম্প্ৰদায়িক আৰু ৰাজনৈতিক সংঘাতৰ মাজতে শুকুৰবাৰে পুনৰ এক জঘন্য আক্ৰমণে কঁপাই তুলিলে ছিৰিয়াৰ তৃতীয় বৃহত্তম চহৰ হোমছক। জুম্মাৰ নামাজৰ বাবে মছজিদত সমবেত হোৱা ভক্তসকলক লক্ষ্য কৰি চলোৱা এই বোমা বিস্ফোৰণত কমেও আঠগৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু আন ১৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। নামাজৰ সময়তে মছজিদৰ ভিতৰত হোৱা এই বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটোত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। হোমছ চহৰৰ ৱাডী আল-ধহাব অঞ্চলৰ ইমাম আলী ইবনে আবি তালিব মছজিদত এই বিস্ফোৰণ সংঘটিত হয়। এই অঞ্চলটোত মূলতঃ আলাৱাইট সংখ্যালঘু লোকসকলে বাস কৰে। চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা ছবিসমূহত মছজিদৰ ভিতৰৰ দেৱালত গাত সৃষ্টি হোৱা, খিৰিকীৰ আইনা ভগা আৰু ধৰ্মগ্ৰন্থ কোৰআন জ্বলি যোৱাৰ বিভীষিকাময় দৃশ্য দেখা গৈছে। নিৰাপত্তা বাহিনীৰ প্ৰাথমিক তদন্ত অনুসৰি, কোনো দুৰ্বৃত্তই পূৰ্বৰে পৰা মছজিদৰ ভিতৰত বিষ্ফোৰক লুকুৱাই থৈছিল। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ‘সৰায়া আনচাৰ আল-ছুন্নাহ’ নামৰ এটা অখ্যাত গোটে। এই গোটটোৱেই যোৱা জুন মাহত এটা গীৰ্জাত আত্মঘাতী আক্ৰমণ চলাই ২৫ গৰাকী লোকক হত্যা কৰিছিল। ছিৰিয়া চৰকাৰে ইয়াৰ আঁৰত ইছলামিক ষ্টেট বা ‘আই এছ’ গোটৰ হাত থকা বুলি সন্দেহ কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা জনায় আৰু দোষীক কৰায়ত্ত কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, যোৱা বছৰ বাছাৰ আল-আছাদ চৰকাৰৰ পতনৰ পাছৰে পৰা ছিৰিয়াত আলাৱাইট সম্প্ৰদায়ৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলি আহিছে। আলাৱাইট কাউন্সিলৰ তৰফৰ পৰা এই আক্ৰমণক এক সংগঠিত উগ্ৰবাদী সন্ত্ৰাসবাদ বুলি অভিহিত কৰা হৈছে। আনহাতে, উত্তৰ ছিৰিয়াৰ আলপ্পো চহৰতো চৰকাৰী বাহিনী আৰু কুৰ্দিছ যোদ্ধাসকলৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হোৱা ঘটনাই দেশখনৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। Share this:FacebookX Related Post navigation বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন! ২,৯০০ হিংসাত্মক ঘটনাৰ তথ্যৰে ইউনুছ চৰকাৰক কঠোৰ সকীয়নি ভাৰতৰ গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ! ১৮ ঘণ্টাত ৩ জনক হত্যা, কুশধোৱাত প্ৰাণ হেৰুৱালে মহিলাই