দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনিষ চিছোডিয়া আৰু আন ২১ গৰাকী অভিযুক্তক দোষমুক্ত কৰি বিশেষ আদালতে দিয়া ৰায়ক ‘প্ৰথম দৃষ্টিত ত্ৰুতিপূৰ্ণ’ বুলি অভিহিত কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। সোমবাৰে চিবিআইৰ পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই এই গোচৰৰ পৰা মুক্তি পোৱা আটাইকেইগৰাকী অভিযুক্তলৈ জাননী প্ৰেৰণ কৰিছে। লগতে, বিশেষ আদালতৰ বিচাৰকগৰাকীয়ে চিবিআইৰ মুখ্য তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে কৰা কঠোৰ মন্তব্যৰ ওপৰতো উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে। ন্যায়াধীশ শৰ্মাই তেওঁৰ নিৰ্দেশত উল্লেখ কৰে যে অভিযোগ গঠনৰ পৰ্যায়ত সাক্ষী আৰু এপ্রুভাৰসকলৰ ভাষ্যৰ ওপৰত বিশেষ আদালতে কৰা মন্তব্যসমূহ আইনগতভাৱে সঠিক হোৱা নাই। আদালতৰ মতে, ষড়যন্ত্ৰ আৰু অভিযোগ গঠনৰ সু-প্ৰতিষ্ঠিত আইনসমূহৰ পৰিপ্ৰেক্ষিতত বিচাৰ আদালতে প্ৰথম দৃষ্টিতে ভুল ধাৰণা পোষণ কৰা যেন পৰিলক্ষিত হৈছে। ইয়াৰোপৰি, নিম্ন আদালতৰ সমগ্ৰ নথিপত্ৰও তলব কৰিছে উচ্চ ন্যায়ালয়ে। চিবিআইৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দিয়ে যে অভিযোগ গঠনৰ সময়ত আদালতে কেৱল প্ৰাথমিক প্ৰমাণসমূহহে চাব লাগে, কিন্তু বিচাৰ আদালতে যেন এক পূৰ্ণাংগ বিচাৰহে সম্পন্ন কৰিলে। ইয়াৰ লগতে, এই ৰায়ৰ ফলত যাতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ মানি লণ্ডাৰিং গোচৰটো প্ৰভাৱিত নহয়, সেই বিষয়টো নিশ্চিত কৰিবলৈও তেওঁ আদালতক অনুৰোধ জনায়। উচ্চ ন্যায়ালয়ে ইডিৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াও ১৬ মাৰ্চলৈ স্থগিত ৰাখিছে। উল্লেখ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীত বিশেষ আদালতে কেজৰিৱাল, চিছোডিয়া আৰু কে কবিতাৰ লগতে ২০ গৰাকী অভিযুক্তক দোষমুক্ত কৰিছিল। সেই সময়ত আদালতে চিবিআইৰ তদন্তক কঠোৰ সমালোচনা কৰি কৈছিল যে তদন্তকাৰী সংস্থাটোৰ গোচৰটো আইনী পৰীক্ষাত টিকি থাকিবলৈ সমূলি ব্যৰ্থ হৈছে। এই স্পৰ্শকাতৰ বিষয়টোৰ পৰৱৰ্তী শুনানি অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’ব। Share this:FacebookX Related Post navigation চিডিএছএল আইপিএফে মুকলি কৰিলে ‘মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ অভিযান . বিতৰ্কিত অধ্যায়ৰ বাবে এনচিইআৰটিৰ ক্ষমা প্ৰাৰ্থনা, পাঠ্যপুথি বাজেয়াপ্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ