ইণ্ডিয়ান চুপাৰ লীগে (আইএছএল) সকলো ক্লাবৰ বাবে কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰে। যেনে বাধ্যতামূলক ভাৰতীয় সহকাৰী প্ৰশিক্ষক, কনকাচন (মূৰৰ আঘাতৰ বাবে মূৰ্চ্ছা যোৱা অৱস্থা) বিকল্প আৰু  ৰঙা কাৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল। এই নিয়ম অনুসৰি সকলো দলতে এএফচি প্ৰ’ লাইচেঞ্চ (বা সমতুল্য) থকা এজন ভাৰতীয় সহকাৰী প্ৰশিক্ষক থাকিব লাগিব। যদি মুখ্য প্ৰশিক্ষকক তেওঁৰ পদৰ পৰা অব্যাহতি দিয়া হয় বা কেইখনমান খেলৰ বাবে নিলম্বিত কৰা হয়, তেন্তে ভাৰতীয় সহকাৰী প্ৰশিক্ষকে অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে মুখ্য প্ৰশিক্ষকৰ সকলো দায়িত্ব গ্ৰহণ কৰিব।

এফ চি গোৱা এই ক্ষেত্ৰত এক সঠিক উদাহৰণ হ’ব, য’ত গৌৰমাংগী সিঙে প্ৰশিক্ষণৰ ভূমিকা গ্ৰহণ কৰিব, ভাৰতৰ বৰ্তমানৰ প্ৰশিক্ষক মেনোলো মাৰ্কেজ উপলব্ধ নহ’ব। যদি এজন খেলুৱৈ বা ক্লাবে বিশ্বাস কৰে যে ৰেফাৰীৰ স্পষ্ট ভুলৰ বাবে এজন খেলুৱৈক অন্যায়ভাৱে খেলপথাৰৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে, তেন্তে ইয়াৰ বিৰোধিতাৰে আপীল কৰিব পাৰে। এনে ব্যৱস্থা অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছে আৰু আইএছএল ২০২৪-২৫ ৰ লীগ নিয়মত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু যদি দ্বিতীয় সতৰ্কবাণী প্ৰাপ্ত কৰা বা আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ ফলত বৰ্খাস্ত কৰা হৈছে, তেনে আবেদন নাকচ কৰা হ’ব আৰু মাচুল জব্দ কৰা হ’ব।

আপীল দাখিল কৰিবলৈ, খেলুৱৈ/ক্লাবে মেচখন শেষ হোৱাৰ দুঘণ্টাৰ ভিতৰত মেচ কমিছনাৰক অৱগত কৰিব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত এআইএফএফৰ ওচৰত লিখিতভাৱে মাচুল আৰু প্ৰমাণ দাখিল কৰিব লাগিব। এআইএফএফে তেতিয়া ৰেফাৰী বিভাগৰ পৰা এটা কাৰিকৰী প্ৰতিবেদন লাভ কৰিব। এআইএফএফ অনুশাসন সমিতিয়ে যিকোনো স্বয়ংক্ৰিয় নিলম্বন আৰম্ভ কৰাৰ আগতে আপীলটো পুনৰীক্ষণ কৰিব। যদি দাবীটো স্বীকাৰ কৰা হয় তেন্তে নিলম্বন প্ৰত্যাহাৰ কৰা হ’ব আৰু মাচুল ঘূৰাই দিয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *