স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ অগ্ৰণী প্ৰতিষ্ঠান ইউৰেকা ফ’ৰ্বছ লিমিটেডে নিজৰ আইকনিক ভেকুৱাম ক্লিনাৰ ৰেঞ্জৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক চুক্তিবদ্ধ কৰিছে। এই কৌশলগত সহযোগিতাই ভাৰতীয় পৰিয়াল-ঘৰসমূহত স্মাৰ্ট, স্বচ্ছ আৰু সুস্থ জীৱন যাপনৰ প্ৰসাৰৰ বাবে কোম্পানীটোৰ অভিযানক আলোকপাত কৰিছে। ঘৰ পৰিচ্ছন্নতা সমাধানৰ ক্ষেত্ৰত ৪০ বছৰতকৈও অধিক সময়ৰ নেতৃত্বৰে ইউৰেকা ফ’ৰ্বছে ঘৰুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। শেহতীয়া ফ’ৰ্বছ স্মাৰ্টক্লিন ৰবটিক ভেকুৱাম ক্লিনাৰ, এআই আৰু উন্নত লিডাৰ প্ৰযুক্তিৰ দ্বাৰা চালিত, শক্তিশালী চাকচন আৰু ৱেট মপিঙৰ এক কাৰ্যক্ষম মিশ্ৰণ প্ৰদান কৰে, যাৰ ফলত ঘৰ পৰিষ্কাৰ কৰাটো সমানে স্মাৰ্ট আৰু নিৰৱচ্ছিন্ন হৈ পৰে। ইউৰেকা ফ’ৰ্বছৰ সৈতে শেহতীয়া সহযোগিতাৰ বিষয়ে সদৰি কৰি অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে কয় যে, “ইউৰেকা ফ’ৰ্বছ পৰিয়ালৰ সৈতে জড়িত হ’বলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। মই সদায় বিশ্বাস কৰি আহিছোঁ যে পৰিষ্কাৰ ঘৰখনেই হৈছে সুস্থ মন আৰু শৰীৰৰ ভেটি আৰু আমি বাস কৰা স্থানসমূহে আমি ব্যক্তি হিচাপে কেনেকৈ-কি কাম কৰোঁ, সেই বিষয়ে গভীৰভাৱে প্ৰভাৱিত কৰে। ব্ৰেণ্ড হিচাপে ইউৰেকা ফ’ৰ্বছে পৰিষ্কাৰ, স্বাস্থ্যসন্মত জীৱন-যাপনৰ বাবে সদায়ে প্ৰচেষ্টা হাতত লৈ আহিছে আৰু মই সঁচাকৈয়ে আনন্দিত যে মই এনে এটা ব্ৰেণ্ডৰ সৈতে জড়িত হ’বলৈ পাইছোঁ, যিয়ে পৰিষ্কাৰ জীৱন-যাপনক চিৰন্তন অভিযান হিচাপে গঢ়ি তুলিছে। ফ’ৰ্বছ স্মাৰ্টক্লিন ৰবটিক্স ৰেঞ্জৰ দৰে উদ্ভাৱনৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে বুদ্ধিমত্তাসম্পন্ন প্ৰযুক্তিৰে অনায়াসে সুবিধাৰ মিশ্ৰণ ঘটাইছে, ইউৰেকা ফ’ৰ্বছে ঘৰুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ভৱিষ্যতক পুনৰ সংজ্ঞায়িত কৰিছে। মই আশা কৰিছোঁ যে আমি একেলগে আৰু বহুতকে এই জীৱনশৈলীক আকোৱালি ল’বলৈ অনুপ্ৰাণিত কৰিব পাৰিম।” ইউৰিকা ফ’ৰ্বছ লিমিটেডৰ চীফ গ্ৰওথ অফিচাৰ অনুৰাগ কুমাৰে এই বিষয়ে কয় যে, “আমি শ্ৰদ্ধা কাপুৰক ইউৰিকা ফ’ৰ্বছৰ পৰিয়াললৈ আমাৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে স্বাগতম জনাবলৈ পাই অতিশয় আনন্দিত হৈছোঁ।” শ্ৰদ্ধা কাপুৰে এনে এটা প্ৰজন্মক প্ৰতিনিধিত্ব কৰে, যিয়ে ব্ৰেণ্ডৰ নৈতিকতা প্ৰতিফলিত কৰা গুণবোৰ-সচেতন জীৱন, বুদ্ধিমান সিদ্ধান্ত আৰু উদ্দেশ্য নিহিত উদ্ভাৱনকো সমানে মূল্য দিয়ে। ইউৰিকা ফ’ৰ্বছত আমি ৪০ বছৰতকৈও অধিক সময় ধৰি ঘৰুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা সমাধানৰ অগ্ৰণী ৰূপে সেৱা আগবঢ়াই আহিছোঁ আৰু আমাৰ নতুন ৰবটিক্স ফ’ৰ্বছ স্মাৰ্টক্লিনৰ সৈতে আমি আধুনিক ঘৰসমূহত প্ৰচেষ্টা অবিহনে কেনেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব পাৰি, সেই বিষয়ত পুনৰ ৰ্নিৰ্ধাৰণ কৰিছোঁ। শ্ৰদ্ধা কাপুৰৰ সততা আৰু যুৱ ভাৰতীয় পৰিয়ালসমূহৰ সৈতে থকা শক্তিশালী সম্পৰ্কই একে সময়তে এক পৰিষ্কাৰ আৰু স্বচ্ছ ভাৰত, এক স্মাৰ্ট ঘৰ গঢ়ি তোলাৰ বাবে আমাৰ যাত্ৰাত নিখুঁত সহযোগী হৈ পৰে। ইউৰিকা ফৰ্বছৰ আকাংক্ষিত ৰবটিক্সৰ এক শক্তিশালী গ্ৰহণযোগ্যতা গুৱাহাটীতো আছে। অসমৰ গ্ৰাহকসকলে ক্ৰমান্বয়ে ব্যস্ত জীৱনশৈলী আৰু স্বাস্থ্যৰ অগ্ৰাধিকাৰৰ সৈতে আপ-টু-ডেট হৈ থাকিবলৈ অত্যাধুনিক পৰিষ্কাৰ সমাধানসমূহ আদৰি লৈছে। Share this:FacebookX Related Post navigation ট্ৰুকলাৰ এআই বাৰ্তা আইডি উন্মোচন কৰে যাতে এসএমএছৰ অভিজ্ঞতা পৰিবৰ্তন হয় ইউটিআই ফ্লেক্সি কেপ ফাণ্ড