অসমৰ বন বিভাগ আৰু বি টি আৰৰ অন্তৰ্গত বাকসা বন সংমণ্ডলে বাকসা জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহায়ত গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে জিলাখনৰ কমেও ৫০ বন্যহস্তীৰ এটা জাকৰ এটা মখনাৰ দেহত সোমবাৰে ৰেডিঅ’ ক’লাৰ সংস্থাপন কৰা হয় । মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড: চি ৰমেশৰ নেতৃত্বত আৰু বাকসা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াৰ নিৰীক্ষণত বন বিভাগৰ লোক আৰু জীৱবিজ্ঞানীৰ সহায়ত এদল বিশেষজ্ঞ পশু চিকিত্সকে জাৰতালুক অঞ্চলত হাতীটোক ট্ৰেংকুলাইজড্ কৰি ৰেডিঅ’ ক’লাৰ সংস্থাপন কৰে । পাছত হাতীটোক জকটোৰ সৈতে লগ লগাই দিয়া হয় । এছ বি আই ফাউণ্ডেশ্যন আৰু আমেৰিকাৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্টিছ গ্ৰীফিনৰ সহায় আৰু উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰাণ্যকৰ সহযোগত এই অভিযানটো সম্পূৰ্ণ কৰা হয় । Share this:FacebookX Related Post navigation অসমসহ চাৰি ৰাজ্যৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলম্ব হোৱাত উদ্বিগ্ন উচ্চতম ন্যায়ালয় অষ্ট্ৰেলিয়াত শিশুক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ সংসদত বিধেয়ক উত্থাপন