অজানিতে অহা বিপৰ্যয়ে মানুহৰ জীৱনৰ লক্ষ্য আৰু দৰ্শন কেনেদৰে সলনি কৰি দিব পাৰে, তাৰ এক মৰ্মান্তিক নিদৰ্শন দাঙি ধৰিছে বিলিয়নাৰ উদ্যোগপতি অনিল আগৰৱালে। আমেৰিকাত একমাত্ৰ পুত্ৰ অগ্নিবেশৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰা বেদান্ত গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে এতিয়া নিজৰ জীৱনৰ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পুত্ৰহাৰা পিতৃ আগৰৱালে ঘোষণা কৰিছে যে তেওঁৰ উপাৰ্জনৰ ৭৫ শতাংশতকৈ অধিক অংশ সমাজসেৱাৰ নামত দান কৰিব। আগন্তুক দিনবোৰত তেওঁ অধিক সাধাৰণ জীৱন যাপন কৰিব বুলিও উল্লেখ কৰে। জানিব পৰা মতে, আগৰৱালৰ ৪৯ বছৰীয়া পুত্ৰ অগ্নিবেশৰ স্কীয়িং কৰাৰ সময়ত এক দুৰ্ঘটনা সংঘটিত হৈছিল। সেই আঘাতৰ পৰা সুস্থ হৈ উঠাৰ সময়তে নিউয়ৰ্কৰ মাউণ্ট সিনাই হাস্পতালত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুক সাৱটি লয়। পৰিয়ালে অগ্নিবেশ সুস্থ হৈ উঠা বুলি আশা কৰি থকাৰ মাজতে এই শোকাবহ খবৰে সকলোকে জোকাৰি যায়। পুত্ৰক হেৰুৱাই এক আবেগিক পোষ্ট যোগে আগৰৱালে কয় যে তেওঁৰ আৰু পুত্ৰৰ সপোন একেই আছিল। ভাৰতক আত্মনিৰ্ভৰশীল কৰা, কোনো শিশু যাতে ভোকত নাথাকে আৰু মহিলাসকল শক্তিশালী হোৱাটোৱেই আছিল পুত্ৰৰ ইচ্ছা। ফোৰ্বছৰ তথ্য অনুসৰি, অনিল আগৰৱাল আৰু তেওঁৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪.২ বিলিয়ন ডলাৰ, যি ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৩৫,০০০ কোটি টকা। আগৰৱালে জনাইছে যে তেওঁ পুত্ৰৰ ওচৰত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি উপাৰ্জনৰ সিংহভাগ সমাজৰ কামত খৰচ কৰিব। পুত্ৰৰ অবিহনে জীৱনটো অসম্পূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে অগ্নিবেশৰ সপোনবোৰ তেওঁ কেতিয়াও অসম্পূৰ্ণ হৈ থাকিবলৈ নিদিয়ে। ১৯৭৬ চনত পাটনাৰ এক মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা অগ্নিবেশে মেয়’ কলেজত পঢ়া-শুনা কৰি এক সফল কেৰিয়াৰ গঢ়ি তুলিছিল। তেওঁ ‘ফূজাইৰা গোল্ড’ৰ দৰে প্ৰতিষ্ঠিত কোম্পানী গঠন কৰাৰ লগতে হিন্দুস্তান জিংকৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল। ব্যৱসায়িক জগতত এজন দক্ষ পেছাদাৰী হিচাপে পৰিচিত অগ্নিবেশ পিতৃৰ বাবে কেৱল পুত্ৰই নহয়, এজন ভাল বন্ধুও আছিল। বৰ্তমান আগৰৱাল আৰু তেওঁৰ পত্নী কিৰণে এই অপূৰণীয় ক্ষতি সহিবলৈ চেষ্টা কৰিছে। Share this:FacebookX Related Post navigation পৰিয়ালৰ তীব্ৰ ঘটনা: বিল্ডাৰে পত্নী আৰু দুই কন্যাক হত্যা কৰি আত্মহত্যা কৰিলে আদালতে লালু যাদৱ পৰিয়ালৰ বিৰুদ্ধে লেণ্ড ফৰ জব কেলেংকাৰীৰ অভিযোগ গঠন কৰিবলৈ নিৰ্দেশ