অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনত, মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি, ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰে পৰা সমগ্ৰ ৰাজ্যত ‘ছাইলেন্ট পিৰিয়ড’ বলবৎ হ’ব। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১২৬ ধাৰা অনুসৰি, ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই ব্যৱস্থা নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু সঠিক ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা হৈছে।

এই সময়ছোৱা সৰ্বপ্ৰথমে নিৰ্বাচনী প্ৰচাৰ কাৰ্য নিষিদ্ধ, লোকসভা, ৰেলী বা শোভাযাত্ৰা আয়োজনৰ অনুমতি নাই। ইলেক্ট্ৰনিক মাধ্যম আৰু ছচিয়েল মিডিয়া’ৰ জৰিয়তেো কোনো প্রকারৰ নিৰ্বাচনী সমল প্রচাৰ নিষিদ্ধ। বাল্ক এছএমএছ, ফোন কল অথবা অনলাইন মাধ্যমৰ জৰিয়তে ভোটাৰক প্ৰলোভিত কৰাটো আইনগত অপৰাধ হব।

সেইসঙ্গে, যি ৰাজনৈতিক নেতা বা কৰ্মী সংশ্লষ্ট সমষ্টিৰ ভোটাৰ নহয়, তেওঁলোকে পৰ্য্যায়ৰ শেষৰ লগে লগে সমষ্টি ত্যাগ কৰিব লাগিব। এই নিৰ্দেশনা আচলত পালন কৰিবলৈ নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণৰ অঙ্গীকাৰ কৰিছে। ৪৮ ঘণ্টাৰ ভিতৰত জনমত সমীক্ষা বা চাৰ্ভে ৰিপৰ্ট প্ৰকাশ কৰাটোতো নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্রাৰ্থী আৰু সংবাদ প্ৰতিষ্ঠানক এই নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে, আৰু উলংঘন পৰিলক্ষিত হ’লে আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে। ৰাজ্যৰ ১২৬ টা সমষ্টিত অনুষ্ঠিত হব লগা নির্বাচনৰ বাবে প্ৰশাসনে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *