কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে আজি বিহাৰৰ বেগুচৰাইত উন্মোচন কৰিলে জীৱিকা দিদি প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ, যি কেন্দ্ৰ বস্ত্ৰ খণ্ডৰে জড়িত গ্ৰাম্য মহিলাসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), নিফ্ট পাটনা আৰু পাঁচটা খণ্ড দক্ষতা পৰিষদ(এছএছচি)ৰ সহযোগত বিকশিত এই অত্যাধুনিক সুবিধা কেন্দ্ৰটোৱে সমগ্ৰ অঞ্চলটোত আত্ম-সহায়ক গোটসমূহ(এছএইচজি)ৰ বাবে এক প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ হিচাপে কাম কৰিব। প্ৰায় ১০,০০০ বৰ্গফুট এলেকাজুৰি বিস্তৃত এই কেন্দ্ৰটোৱে মহিলাসকলক উৎপাদন, ব্ৰেণ্ডিং, বিত্তীয় সাক্ষৰতা আৰু ই-কমাৰ্চৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দক্ষতা প্ৰদান কৰিব, যাৰ ফলত মহিলাসকলে কেঁচা বস্ত্ৰক স্থানীয় আৰু বিশ্বব্যাপী বজাৰ উভয়ৰে বাবে বজাৰযোগ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰিব। মন্ত্ৰী সিঙে কৃষি আৰু অন্যান্য খণ্ডত জীৱিকা দিদীৰ পদক্ষেপৰ সফলতাৰ ওপৰত আলোকপাত কৰি ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এই কেন্দ্ৰটোৰ লক্ষ্য হৈছে খণ্ড আৰু গাঁও পঞ্চায়ত পৰ্যায়ত বিকেন্দ্ৰীকৃত উৎপাদন গোট স্থাপন কৰি বজাৰ প্ৰৱেশাধিকাৰ আৰু সহজতা বৃদ্ধি কৰা। গুৱাহাটীৰ লগতে সমগ্ৰ অসমতো গ্ৰাম্য বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰি এইধৰণৰ উদ্যোগে শেহতীয়াভাৱ যথেষ্ট আকৰ্ষণ আৰু চাহিদা লাভ কৰিছে। বস্ত্ৰ, ৰত্ন আৰু হস্তশিল্পক সামৰি লোৱা প্ৰশিক্ষণ কাৰ্যসূচীবোৰ উদ্যোগৰ চাহিদা পূৰণৰ বাবে তৈয়াৰ কৰা হৈছে, যিবোৰে মহিলাসকলক উদ্যমিতা আৰু অৰ্থনৈতিক স্বতন্ত্ৰতাৰ সঁজুলিৰে সজ্জিত কৰা হ’ ব। Share this:FacebookX Related Post navigation এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শীতকালীন সূচী বৃদ্ধি: গুৱাহাটীৰ পৰা সাপ্তাহিক ১০৫ খনতকৈও অধিক বিমান ব্যতিক্রম মাচডোৱে গুৱাহাটীত আন্তৰ্জাতিক ৰাইটাৰ্ছ মিট ২০২৪ৰ তৃতীয় সংস্কৰণ সফলতাৰে সমাপ্ত কৰে