গণতন্ত্ৰৰ অন্যতম স্তম্ভ নিৰ্বাচন আয়োগৰ মুৰব্বীসকলক আইনী প্ৰক্ৰিয়াৰ ঊৰ্ধত ৰখাৰ চৰকাৰী প্ৰচেষ্টাই এতিয়া দেশৰ সৰ্বোচ্চ আদালতৰ মজিয়া পাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক তেওঁলোকৰ কাৰ্যকালৰ যিকোনো কামৰ বাবে আজীৱন দেৱানী আৰু ফৌজদাৰী গোচৰৰ পৰা ৰেহাই দিয়া এক নতুন আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে এই বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে, ‘মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, ২০২৩’ৰ এটা বিশেষ ব্যৱস্থাক লৈ এই বিতৰ্কৰ সূত্ৰপাত ঘটে। আবেদনকাৰীৰ অধিবক্তাই আদালতত যুক্তি দিয়ে যে সংসদৰ এই আইনে নিৰ্বাচন আয়ুক্তসকলক এনে এক অভূতপূৰ্ব ক্ষমতা প্ৰদান কৰিছে, যি ক্ষমতা সংবিধান প্ৰণেতাসকলে আনকি শীৰ্ষ আদালতৰ বিচাৰকসকলকো দিয়া নাছিল। সংবিধানৰ মূল গাঁথনিৰ সৈতে এই আইনী ৰেহাই সাংঘৰ্ষিক হোৱাৰ সম্ভাৱনা থকা বুলিও আবেদনখনত উল্লেখ কৰা হৈছে। ইফালে, মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছে। আবেদনত অভিযোগ কৰা হৈছে যে চৰকাৰী দায়িত্ব পালন কৰাৰ দোহাই দি কোনো ব্যক্তিক গোটেই জীৱনৰ বাবে অপৰাধমূলক তদন্তৰ পৰা ৰেহাই দিয়াটো গণতান্ত্ৰিক নীতিৰ পৰিপন্থী। এই আইনে নিৰ্বাচন আয়ুক্তসকলক এক বিশেষ আইনী সুৰক্ষা কৱচ প্ৰদান কৰিছে, যিটো ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত আন কোনো সাংবিধানিক পদবীধাৰীৰ বাবে উপলব্ধ নহয় বুলিও আবেদনত দাবী কৰা হৈছে। তদুপৰি এই আইনী যুঁজে আগন্তুক দিনত নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা আৰু স্বচ্ছতাক লৈ এক নতুন চৰ্চাৰ জন্ম দিছে। কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ৰ এই জাননীৰ উত্তৰত কি কয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব নিৰ্বাচন আয়ুক্তসকলৰ এই ‘আজীৱন ৰেহাই’ৰ ভৱিষ্যত। বৰ্তমান উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ ওপৰত চকু ৰাখিছে আৰু পৰৱৰ্তী শুনানিৰ বাবে প্ৰস্তুতি চলাইছে। Share this:FacebookX Related Post navigation বিশ্বৰ চাউল ৰপ্তানিৰ বজাৰত ভাৰতৰ একক আধিপত্য! থাইলেণ্ড-পাকিস্তানক পিছ পেলাই শীৰ্ষস্থানত দেশ গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব