এলানপ্ৰ’ই স্থানীয় যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভাৰতৰ শীতল শৃংখলৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে গুৱাহাটীত নিজৰ “শীতল দক্ষতা, উজ্জ্বল ভৱিষ্যত” পদক্ষেপ সফলভাৱে সামৰণি মাৰিছে। বাণিজ্যিক ৰেফ্ৰিজাৰেচন খণ্ডৰ বাবে প্ৰশিক্ষিত কৰ্মশক্তি গঢ়ি তোলাৰ লক্ষ্যৰে এই দক্ষতা বিকাশ কাৰ্যসূচীৰ অধীনত ৩০ গৰাকী উচ্চাকাংক্ষী টেকনিচিয়ানক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। বৃত্তিমূলক উন্নীতকৰণৰ প্ৰতি নিবেদিত অ-লাভজনক সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সহযোগত আৰম্ভ কৰা এই কাৰ্যসূচী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত (এইচি) প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানেৰে সামৰণি পৰে। এই অনুষ্ঠানত শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ৰণোজ পেগু, অসমৰ কাৰিকৰী শিক্ষা সঞ্চালক ধ্ৰুৱজ্যোতি বৰা আৰু এইআই চানমাৰিৰ অধ্যক্ষ ড০ হিতেশ তাহবিলদাৰো উপস্থিত আছিল। “শীতল দক্ষতা, উজ্জ্বল ভৱিষ্যত” পদক্ষেপৰ উদ্বোধনী পৰ্যায়ত ৩০গৰাকী অংশগ্ৰহণকাৰীয়ে ভাৰতৰ বৰ্ধিত শীতলীকৰণ আৰু শীতল শৃংখল খণ্ডত বাস্তৱ জগতৰ কেৰিয়াৰৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে নিবিড় প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। এই পদক্ষেপৰ বিষয়ে উল্লেখ কৰি এলানপ্ৰ’ৰ সঞ্চালক সঞ্জয় জৈনে কয় যে,”কিউএছআৰ, দ্ৰুত বাণিজ্য আৰু এফএণ্ডবি ৰিটেইলৰ পৰা বৃদ্ধি পোৱা চাহিদাৰ ফলত ভাৰতৰ বাণিজ্যিক ৰেফ্ৰিজেচন উদ্যোগ বছৰি ১৫%তকৈ অধিক হাৰত বৃদ্ধি পাইছে।” একে সময়তে অসমৰ ষ্টাৰ্টআপ গতিবেগ, অসম ষ্টাৰ্ট-আপ আৰু ইন’ভেচন পলিচী ২০২৫ আৰু ৰাজ্যিক কাৰ্যসূচীৰ দ্বাৰা সমৰ্থিত ডিটুচি ফুড ব্ৰেণ্ড, আইচক্ৰীম পাৰ্লাৰ আৰু শিল্পকৰ্মৰ দুগ্ধজাত সামগ্ৰী খণ্ডৰ বৃদ্ধিত সহায় কৰিছে, যিয়ে সমগ্ৰ উৎপাদন, সংৰক্ষণ আৰু শেষ মাইল ডেলিভাৰীৰে নতুন ফ্ৰীজৰ চাহিদাৰ সৃষ্টি কৰিছে। এই সহযোগিতাৰ বিষয়ে মন্তব্য কৰি কেয়াৰ ইউ ৩৬৫ৰ প্ৰতিষ্ঠাপক ভৃগু বৰাঠাকুৰে কয় যে, গুৱাহাটীত এই প্ৰভাৱশালী পদক্ষেপ মুকলি কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। এই পদক্ষেপ ভাৰতৰ শীতল আৰু সেৱা পৰিৱেশ তন্ত্ৰৰ ভিতৰত দক্ষতা, বহনক্ষমতা আৰু অন্তৰ্ভুক্ত বৃদ্ধিৰ প্ৰতি এলানপ্ৰ’ৰ বিস্তৃত চিএছআৰ প্ৰতিশ্ৰুতিৰ অংশ। Share this:FacebookX Related Post navigation চুপাৰ.মানি-এ ফ্লাইটছ মুকলিৰে ভ্ৰমণ ক্ষেত্ৰখনলৈ আনিছে বৈচিত্ৰ্যতা, আটাইতকৈ পুৰস্কাৰজনক ইউপিআই প্লেটফৰ্ম হিচাপে শক্তিশালী কৰিছে নিজৰ অৱস্থান