দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত যোৱা ১০ নৱেম্বৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ধনৰ অবৈধ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে। এই সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ জাৱাদ আহমেদ চিদ্দিকী আৰু পৰিয়ালৰ দ্বাৰা পৰিচালিত আল-ফালাহ চেৰিটেবল ট্ৰাষ্টৰ বিৰুদ্ধে এখন চাৰ্জশ্বীট দাখিল কৰে। ইয়াৰ উপৰিও তদন্তকাৰী সংস্থাটোৱে বিশ্ববিদ্যালয় চৌহদৰ ৫৪ একৰ ভূমিকে ধৰি প্ৰায় ১৩৯ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। ইডিয়ে আদালতত দাখিল কৰা তথ্য অনুসৰি, স্বীকৃতি আৰু নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক প্ৰতাৰণা কৰি প্ৰায় ৪১৫.১০ কোটি টকা সংগ্ৰহ কৰিছিল। এই তদন্তত পোহৰলৈ আহিছে যে শিক্ষাৰ্থীৰ পৰা সংগৃহীত ধনৰ এটা বৃহৎ অংশ চিদ্দিকীৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত ব্যক্তিগত প্ৰতিষ্ঠানলৈ ডাইভাৰ্ট কৰা হৈছিল। উল্লেখযোগ্য যে যোৱা নৱেম্বৰ মাহত লালকিল্লাৰ বাহিৰত হোৱা আত্মঘাতী কাৰ বোমা বিস্ফোৰণৰ আঁৰত আল-ফালাহ মেডিকেল কলেজৰ চিকিৎসক ওমৰ-উন-নবী জড়িত থকাৰ তথ্য লাভ কৰাৰ পাছতে এই সমগ্ৰ ৰহস্য ফাদিল হয়। তদন্তত জানিব পৰা মতে, জাৱাদ আহমেদ চিদ্দিকীৰ দুই সন্তান আফহাম আহমেদ আৰু আফিয়া চিদ্দিকাক ব্ৰিটিছ নাগৰিক হিচাপে নথিত উল্লেখ কৰা হৈছে। ইফালে, যুক্তৰাজ্যত তেওঁলোকৰ নামত থকা বিভিন্ন বিনিয়োগ আৰু ব্যৱসায়িক লেনদেনৰো তদন্ত অব্যাহত ৰাখিছে ইডিয়ে। এন আই এ-ৰ পৃথক তদন্তৰ মাজতে ইডিৰ এই চাৰ্জশ্বীটে বিশ্ববিদ্যালয়খনৰ সৈতে সন্ত্ৰাসবাদ আৰু আৰ্থিক জালিয়াতিৰ এক গভীৰ সম্পৰ্ক থকাৰ দিশটো স্পষ্ট কৰি তুলিছে। Share this:FacebookX Related Post navigation ৰাহুল গান্ধীক ৰাম মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰিবলৈ দাবী একাংশ সাধুৰঃ হিন্দু ধৰ্মৰ পৰাই বহিষ্কাৰৰ হুংকাৰ শিলিগুৰিত বিশ্বৰ সৰ্বোচ্চ মহাকাল মূৰ্তি নিৰ্মাণৰ ঘোষণা মমতা বেনাৰ্জীৰঃ ধৰ্মীয় পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হ’ব উত্তৰ বংগ