ভাৰতৰ অন্যতম বৃহৎ সংহত লজিষ্টিক সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান মহিন্দ্ৰা লজিষ্টিক লিমিটেডে গুৱাহাটী আৰু আগৰতলাত দুটা অত্যাধুনিক, গ্ৰেড এ ৱেৰহাউছ মুকলি কৰি পূব ভাৰতত নিজৰ উপস্থিতি সম্প্ৰসাৰণ কৰি অঞ্চলটোত ৪ লাখ বৰ্গফুটৰো অধিক সামৰ্থ্য বৃদ্ধি কৰিছে। এই সম্প্ৰসাৰণটো আঞ্চলিক সংযোগ শক্তিশালী কৰা আৰু সংহত লজিষ্টিক সমাধানৰ বাবে বৰ্ধিত চাহিদাক সমৰ্থন কৰাৰ লক্ষ্যৰে কোম্পানীটোৰ ‘গো-ইষ্ট’ কৌশলৰ অংশ।গুৱাহাটী মহানগৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ৫০০ মিটাৰ, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ১১.৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৩ লাখ বৰ্গফুট এলেকাৰ গুৱাহাটীৰ এই সুবিধা কেন্দ্ৰটো উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ গ্ৰেড-এ বহু ক্লায়েণ্ট ৱেৰহাউছ আৰু ইয়াত অঞ্চলটোৰ প্ৰথমটো কমিউনিটী চেণ্টাৰ অৱ এক্সেলেন্স আছে, যি দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত লজিষ্টিক স্কিল কাউন্সিলৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ কৰা হৈছে।

গুৱাহাটী মহানগৰৰ কৌশলগত অৱস্থানৰ সহায় লৈ এই সুবিধা কেন্দ্ৰই কোম্পানীটোৰ মূল ঔদ্যোগিক ক্লাষ্টাৰ আৰু পৰিবহণ কেন্দ্ৰসমূহক দক্ষতাৰে সেৱা আগবঢ়োৱাৰ ক্ষমতা দুগুণ কৰিব। গুৱাহাটীৰ নতুন সুবিধা কেন্দ্ৰটোৱে যোগান শৃংখলৰ সামৰ্থ্য বৃদ্ধি কৰিব, পৰিবহনৰ সময় হ্ৰাস কৰিব আৰু চাহিদা অনুসৰি পূৰণ কৰাৰ সামৰ্থ্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত উত্তৰ-পূবত লজিষ্টিক হাব হিচাপে চহৰখনৰ ভূমিকা শক্তিশালী হ’ব। ইফালে প্ৰায় ১.৩ লাখ বৰ্গফুটৰ আগৰতলা সুবিধা কেন্দ্ৰই ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু মণিপুৰত সংযোগ শক্তিশালী কৰে, আনহাতে বাংলাদেশৰ সৈতে সীমান্তৰ বাণিজ্যৰ সুবিধা কৰে। মহিন্দ্ৰা লজিষ্টিকছ লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হেমন্ত ছিক্কাই এই বিষয়ে সদৰি কৰি কয় যে, উত্তৰ-পূবত আমাৰ দেশজোৰা ৱেৰহাউছ আৰু বিতৰণ নেটৱৰ্কক টায়াৰ-Il আৰু টায়াৰ-Ill চহৰসমূহলৈ সম্প্ৰসাৰণে অঞ্চলটোৰ আটাইতকৈ দূৰৱৰ্তী স্থানসমূহত সংযোগ বৃদ্ধি কৰিব।”

এই শুভাৰম্ভণিৰ জৰিয়তে মহিন্দ্ৰা লজিষ্টিকছে সমগ্ৰ পূব ভাৰতত ২,০০০ৰো অধিক চাকৰি সৃষ্টি আৰু ভৱিষ্যতৰ বাবে সাজু, সংহত যোগান শৃংখল সমাধান প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *