পূব আফগানিস্তানৰ পাকিস্তান সীমান্ত সমীপৱৰ্তী কুনাৰ প্ৰদেশত দেওবাৰে সন্ধিয়া ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত কমেও 800 জন লোকৰ মৃত্যু হোৱাৰ লগতে 2500 ৰো অধিক লোক আহত হয় ।কাবুলত অনুষ্ঠিত এখন সংবাদমেলত তালিবান মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে জনাইছে যে কুনাৰ প্ৰদেশত প্ৰায় 800 জন লোক নিহত আৰু আন 2500 জন আহত হৈছে। তেওঁ লগতে কয় যে নাংগাৰহাৰ প্ৰদেশত 12 জন মৃত আৰু 255 জন আহত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *