২১জানুৱাৰী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰূদ্ধে অভিযান চলাই আহিলেও একাংশ চতুৰ সৰবৰাহকাৰীয়ে মাজে সময়ে নতুন নতুন কৌশলৰে চোৰাং কাঠ সৰবৰাহ কৰা কাৰ্যত জড়িত হৈ আহিছে। অবশেষত গোপন সূত্ৰৰ পম খেদি কালি ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দলে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ভোলাগাঁওত বুজন পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে ৰাণীৰ বনাঞ্চলিক বিষয়া ৰোজী বৰ্মনৰ নেতৃত্বত বনকৰ্মীৰ দলটোৱে চলোৱা অভিযানত কেবাটাও স্থানত লুকাই থোৱা অৱস্থাত এই কাঠ চোৰাং কাঠ সমুহ জব্দ কৰে । জব্দ কৰা কাঠখিনীৰ বজাৰ মূল্য কেবালাখ টকা হব । জব্দ কৰা চোৰাং কাঠখিনী ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ত ৰখা হৈছে। সন্দেহ কৰা মতে মেঘালয়ৰ পৰা কিছুদিন পূৰ্বে কোনো গোপন পথৰে চোৰাং ভাবে অসমলৈ এই কাঠখিনী অনা হৈছিল।
উল্লেখ্য যে যোৱা অক্টোবৰ মাহত ৰাণীত বনাঞ্চলিক বিষয়া হিচাপে যোগদান কৰাৰ পাছত বিগত তিনি মাহত ৰোজী বৰ্মনে বনধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ লগতে মেঘালয়ৰ পৰা অসমলৈ অনা অৱস্থাত কেইবাখনো চোৰাং কাঠসৰবৰাহ কৰা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *