আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল আৰু প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ তথা ৱায়ানাডৰ সাংসদ প্ৰিয়ংকা গান্ধী বাদ্ৰা। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই নেত্ৰীগৰাকীয়ে পোনপটীয়াভাৱে শক্তিপীঠ কামাখ্যা মন্দিৰলৈ ৰাওনা হয় আৰু মা কামাখ্যাৰ চৰণত আশীৰ্বাদ লয়। মন্দিৰ দৰ্শনৰ পাছতেই তেওঁ গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰাৰ্থী বাছনিৰ গুৰুত্বপূৰ্ণ বৈঠকত পৌৰহিত্য কৰিব।

অসমত কংগ্ৰেছৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ইমান ব্যাপক আৰু সুসংগঠিত ৰূপত প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া চলোৱা হৈছে বুলি দলীয় নেতৃত্বই অভিহিত কৰিছে। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত চলিবলগীয়া এই স্ক্ৰীনিং কাৰ্যসূচীত তৃণমূল পৰ্যায়ৰ পৰা অহা মতামতক বিশেষ গুৰুত্ব দিয়া হ’ব। ৰাজ্যিক কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ মতে, এইবাৰ কেন্দ্ৰীয় নেতৃত্বই নিজেই প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে চলা গুণাগঁথা পোনপটীয়াকৈ নিৰীক্ষণ কৰিছে।

দলীয় সূত্ৰই জনোৱা অনুসৰি, ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ লক্ষ্যৰে এইবাৰ কংগ্ৰেছ আন দলতকৈ নিৰ্বাচনী প্ৰস্তুতিত আগবাঢ়ি আছে। এই দুই দিনত প্ৰিয়ংকা গান্ধীয়ে স্ক্ৰীনিং কমিটিৰ লগতে বিভিন্ন ফ্ৰন্টাল অৰ্গেনাইজেশ্যন আৰু জিলা সভাপতিসকলৰ সৈতেও আলোচনাত মিলিত হ’ব। আগন্তুক মাহকেইটাত তেওঁ পুনৰ কেইবাবাৰো অসম ভ্ৰমণ কৰি নিৰ্বাচনী যুঁজখনৰ তদাৰক কৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *