ৰাজহুৱা স্থানত সুৰাপান কৰি যাতায়ত ব্যাহত কৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ৩ যুৱকক আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে। দেওবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত সোণাপুৰৰ জুবিনক্ষেত্ৰত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। অভিযুক্ত যুৱককেইজনে কৰ্তব্যৰত আৰক্ষী জোৱানৰ লগতে এগৰাকী মহিলা আৰক্ষী কৰ্মীকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, দক্ষিণ শালমৰাৰ আলম আলী আৰু শুৱালকুছিৰ মুকুট দাস তথা ৰঞ্জন দাস নামৰ যুৱককেইজনে সুৰাপান কৰি জুবিনক্ষেত্ৰৰ সমীপত যান-বাহন আবদ্ধ কৰি উদ্ভণ্ডালি আৰম্ভ কৰিছিল। সৰ্বসাধাৰণ যাত্ৰীৰ সমস্যা হোৱা দেখি কৰ্তব্যৰত আৰক্ষীৰ দলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰোঁতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। সুৰামত্ত যুৱকৰ দলটোৱে আৰক্ষীৰ ওপৰত জপিয়াই পৰি এজন জোৱানৰ হাতত কামুৰি আঘাত কৰাৰ লগতে মহিলা আৰক্ষীগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, আৰক্ষীৰ ওপৰত হোৱা এই আক্ৰমণক অতি গুৰুত্বসহকাৰে লোৱা হৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত তিনিজনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে। ৰাজহুৱা স্থানত সুৰাপান কৰি আইন হাতত তুলি লোৱা এনে কাৰ্যক সচেতন মহলে তীব্ৰ গৰিহণা জনাইছে। Share this:FacebookX Related Post navigation দেশজুৰি সন্ত্ৰাসবাদীৰ সক্ৰিয়তা; দিল্লী আৰক্ষীৰ জালত পাকিস্তান আৰু বাংলাদেশৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত ৮ দুৰ্বৃত্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যাত্ৰীৰ বাবে মুকলি কৰিলে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলবিমানবন্দৰৰ যাত্ৰী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি