ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰৰ ৰাজপথ শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। চহৰখনৰ খাৰাবাচ চাৰিআলিত এখন তীব্ৰবেগী বিলাসী অ’ডি গাড়ীয়ে কেইবাজনো পথচাৰীক মহতিয়াই নিয়াৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য ১৬ জন লোক গুৰুতৰভাৱে আহত হয়। গাড়ীখনত থকা চাৰিজন যুৱক সুৰাসক্ত হৈ থকাৰ বাবেই এই কৰুণ ঘটনাটো সংঘটিত হোৱা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।

আৰক্ষী বিষয়া মদন কাডৱাচৰাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত ঘটনাস্থলীত ৫০ জনৰো অধিক লোক উপস্থিত আছিল। এখন অন্য বাহনৰ সৈতে প্ৰতিযোগিতাত লিপ্ত হোৱা অ’ডি গাড়ীখনে প্ৰথমে এটা ডিভাইনডাৰত খুন্দা মাৰে আৰু তাৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা দহখনতকৈও অধিক দোকান তথা খাদ্যৰ ঠেলা মহতিয়াই লৈ যায়। অৱশেষত প্ৰায় ১০০ মিটাৰ দূৰৈৰ এডাল গছত খুন্দা মাৰি গাড়ীখন ৰৈ যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিজনক ভিলৱাৰাৰ বাসিন্দা ৰমেশ বৈৰৱা বুলি চিনাক্ত কৰা হৈছে। আহতসকলক তৎক্ষণাত জয়পুৰীয়া হাস্পতালত ভৰ্তি কৰা হয় যদিও চাৰিজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক চাৱাই মান সিং হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে বাহনখনত থকা এজন লোকক আটক কৰাৰ বিপৰীতে অন্য তিনিজন পলায়ন কৰিবলৈ সক্ষম হয়।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। উপ-মুখ্যমন্ত্ৰী প্ৰেমচান্দ বৈৰৱা আৰু স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিং খিমচাৰে চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। সমগ্ৰ ঘটনাৰ ওপৰত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি পলাতক অভিযুক্তসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *