মৌচুমীৰ আগমনত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা বাৰিষাৰ এই সময়ছোৱাতঅস্বাভাৱিক বতৰৰ বাবে শিশুৰ মাজত ফ্লুৰ আশংকা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে আৰআইজিপিএ চিলড্ৰেন’ছ ক্লিনিকৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা শিশু ৰোগ বিশেষজ্ঞ ডাঃ ৰস্না দাস হাজৰিকাই। এই ঋতুত অস্বাভাৱিকভাৱে উঠা-নমা কৰা আৰ্দ্ৰতা আৰু উষ্ণতাই ফ্লু ভাইৰাছ বিয়পি পৰাত অধিক সহায় কৰে, যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ বাবে শিশুৰ দুৰ্বলতা-বিপদাংশা আৰু অধিক বৃদ্ধি পায়।

ডাঃ হাজৰিকাই উল্লেখ কৰে যে খৰাং সদৃশ পৰিস্থিতিয়ে বায়ু প্ৰদূষণ বৃদ্ধিত উদগণি যোগায় আৰু শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল কৰি তোলে, যাৰ ফলত শিশুসকল সংক্ৰমণৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰা বা অধিক আক্ৰান্ত হয়। ইয়াৰ উপৰিও এই সময়ছোৱাত পানী জমা হোৱাৰ সম্ভাৱনা থকা এলেকাবোৰত ভেকুঁৰৰ সৃষ্টি হয় যিয়ে হাঁওফাঁও বা শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰো সৃষ্টি কৰিব পাৰে। ধাৰাসাৰ বৰষুণৰ সময়ত ঘৰতে সকলো আৱদ্ধ হৈ থকাত ঘৰত কিছু পৰিমাণে ভিৰ হোৱাৰ বাবেও পৰিস্থিতিৰ অধিক অৱনতি হয়, যাৰ ফলত ফ্লুৰ ব্যাপক প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনা থাকে।

ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স(আইএপি)-এ ৬ মাহৰ পৰা ৫ বছৰ বয়সৰ শিশুসকলক বাৰ্ষিক ফ্লুৰ টীকাকৰণৰ পৰামৰ্শ দিয়ে যাতে নিউম’নিয়াৰ দৰে গুৰুতৰ সমস্যা বা ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। ডাঃ হাজৰিকাই জোৰ দি কয় যে, “৫ বছৰৰ তলৰ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কিছু পৰিমাণে দুৰ্বল আৰু বিকাশ হৈছে, লগতে বৰ্ধিত ফ্লুৰ জটিলতাৰ বাবে অধিক আশংকাও থাকে। বাৰ্ষিক ৪-ইন-১ ফ্লুৰ ভেকচিনে সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে বা তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে।”

Leave a Reply

Your email address will not be published. Required fields are marked *