অসমৰ এক অগ্রণী শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ ৪৭ সংখ্যক মহাবিদ্যালয় সপ্তাহ ৪ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ লগতে গীত, নৃত্য, বাদ্য সংগীত আদিৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়। ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ অংশ হিচাবে গ্রন্থ উন্মোচনী আৰু বঁটা বিজয়ী অনুষ্ঠানটো মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওঁগৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত মৰিগাওঁ জিলা আয়ুক্ত দেৱাশীষ শর্মা উপস্থিত থাকি মহাবিদ্যালয় আলোচনী ‘জেচিয়ান’ উন্মোচন কৰি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সফলতাৰ দিশত নির্দিষ্ট লক্ষ্য নিৰ্দ্ধাৰন কৰি একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট চিকিৎসক আৰু ১৪ খনকৈ গ্রন্থ প্রণেতা ডাঃ পুনিৰাম পাতৰৰ গ্ৰন্থ ‘ধর্মক্ষেত্র-কুৰুক্ষেত্র’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমী বঁটা প্রাপক ড০ জয়ন্ত মাধৱ বৰাই। ভাষণ প্রসঙ্গত ডঃ বৰাই ছাত্র-ছাত্রী সকলক সপোন দেখিবলৈ আৰু তেনে সপোনৰ বাস্তৱ ৰূপ দিবলৈ সকলোকে ইতিবাচক দৃষ্টিভঙ্গী, সামাজিক মনোভাৱ আৰু একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। লেখক ডাঃ পুনিৰাম পাতৰৰ সাহিত্যধাৰা এটা পৃথিৱীৰ প্রায়বিলাক ভাষাৰ সাহিত্য ক্ষেত্রত আৰম্ভ হোৱাৰ লেখিয়াকৈ মহাভাৰতৰ কাহিনী উপস্থাপন কৰি যুগে যুগে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় হোৱাৰ দৃষ্টান্ত দাঙি ধৰিছে । এই গ্রন্থখন অসমীয়া সাহিত্য জগতত নতুন আৰু মূল্যৱান সংযোজন হোৱা বুলি মত প্রকাশ কৰে। আনহাতে গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰি ডাঃ পুনিৰাম পাতৰে স্কুলীয়া জীৱনতে নাটক আৰু একাঙ্কিকা নাটক ৰচনা কৰি সাহিত্যৰ সৃষ্টি ক্ষেত্ৰত প্ৰৱেশ কৰাৰ কথা উল্লেখ কৰি সৰ্বমুঠ ১৪খন গ্রন্থ প্রকাশ কৰাৰ পাছত এই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ গ্ৰন্থ ৰচনা কৰাৰ পটভূমি উল্লেখ কৰে। মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানত বিভিন্ন প্রতিযোগিতাত স্থানপ্রাপ্ত সকলক বঁটা কৰা হয়। এই অনুষ্ঠানত অসম সৌৰভ বঁটাৰে সন্মানিত নাদিৰায় দেউৰী, নিউজ লেটাৰ উন্মোচন কৰে। সভাত বিশিষ্ট সমাজসেৱক , উন্নয়ন সমিতিৰ সভাপতি ৰঞ্জীৱ শৰ্মা, বিশিষ্ট লেখক মিলেশ্বৰ পাতৰ, সাহিত্যিক পেন্সনাৰ নাৰায়ণ কুমাৰ বাডুকাকতি, সমাজসেৱক প্ৰবীৰ ভৌমিক আদিয়ে ভাষণ প্রদান কৰে। ডাঃ পুনিৰাম পাতৰৰ আন এখন গ্রন্থ দেখি দেখি শুনি শুনি (গল্প সংকলন/২য় সংস্কৰণ) উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্র নেওঁগে। হাস্যৰসৰ সমাহাৰ ঘটা বুলি উচ্চ প্রশংসা কৰে। Share this:FacebookX Related Post navigation ১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিব জ্ঞানেশ কুমাৰে আকৌ আহিল ফাগুন