ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে নতুন কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৭১জন সাংসদে শপতগ্ৰহণ কৰিলে। শপতগ্ৰহণৰ পিছৰ দিনা প্ৰতিজন মন্ত্ৰীক পৰ্টফলিঅ’ বিতৰণ কৰা হ’ল। ড০ সুব্ৰমণ্যম জয়শংকৰক কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে পুনৰ দায়িত্বভাৰ অৰ্পণ কৰা হয় আৰু জয়শংকৰক সহযোগিতা কৰিব দুগৰাকী নতুন বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে। অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব আৰু বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(এম ই এ) বিভাগৰ দায়িত্বৰ সমান্তৰালভাৱে বস্ত্ৰ(টেক্সটাইল) মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও দায়িত্ব চম্ভালিব। উত্তৰ প্ৰদেশৰ গোণ্ডা সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰলৈ নিৰ্বাচিত কীৰ্তিৱৰ্ধন সিঙে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এগৰাকী দায়িত্বশীল পৰিৱেশ কৰ্মী সিঙে বন-পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্বও গ্ৰহণ কৰিলে, যিয়ে পৰিৱেশৰ প্ৰতি সিঙৰ সমৰ্পণক প্ৰতিফলিত কৰিছে। নতুন বিদেশ মন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণৰ লগে লগে পূৰ্বৰ তিনিগৰাকী বিদেশ ৰাজ্য মন্ত্ৰী-মীনাক্ষী লেখি, ভি. মুৰলীধৰণ আৰু ৰাজকুমাৰ ৰঞ্জন ছিঙৰ প্ৰস্থান ঘটিল। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰথমে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে নতুন দিল্লীত উপস্থিত থকা চুবুৰীয়া দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলক সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰী ৰূপে জয়শংকৰৰ দ্বিতীয় কাৰ্যকালত এই প্ৰাৰম্ভিক ব্যস্ততাই নতুন দিল্লীৰ চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কক অগ্ৰাধিকাৰ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। Share this:FacebookX Related Post navigation গুৱাহাটী টু হোষ্ট ছিদবি স্বাৱলম্বন মেলা ২০২৪ YiPPee! Toss : সোৱাদভৰা অভিযানত একেলগে দেখা গৈছে ৰাহুল দ্ৰাবিড়, যশপ্ৰীত বুমৰাহ আৰু সূৰ্য কুমাৰ যাদৱক