দোৰোণ বনৰ ঔষধি গুণ নহৰু, নেমুটেঙা, তুলসী আৰু অমৰ লতাতকৈ কোনো গুণে কম নহয় বুলিব পাৰি ৷ ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই ৷ গতিকে সৰু ডাঙৰ সকলো লোকে নিশ্চিন্ত মনে খাব পাৰে ৷দোৰোণ বনৰ শাক খালে হজম শক্তি বাঢ়ে ৷ আভোক, অৰুচি নোহোৱা কৰে ৷ মেলেৰিয়া জ্বৰ,পাল জ্বৰ, লিভাৰ জনিত সমস্যা আদিত দোৰোণ বনৰ ৰস অতি উপকাৰী ৷ দোৰোণ বনৰ পাতৰ ৰস, ফুল অৰ্শ কৃমি সমস্যাত উপকাৰী ৷জ্বৰ হ’লে দোৰোণ বনৰ পাতৰ ৰস এক-দুই চামুচৰ লগত ৫/৬ টা মান জালুক মিহলাই খালে উপকৃত হয় ৷ চৰ্ম ৰোগ নাশক, খজুৱতি হ’লে দোৰোণৰ পাতৰ ৰস লগালে উপশম পোৱা যায় ৷ চাইনাচত দোৰণৰ ৰস নাকেৰে উজালে উপকাৰ পোৱা যায় ৷ Share this:FacebookX Related Post navigation আলমণ্ডৰ পৰা হালধিলৈ: ৪ বিধ দৈনন্দিন খাদ্য, যিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত কৰে সহায়