আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডেনমাৰ্কৰ অধীনস্থ স্বায়ত্তশাসিত অঞ্চল গ্ৰীনলেণ্ড দখলৰ ইচ্ছা পুনৰ প্ৰকাশ কৰিছে। ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকচেনৰ বিৰোধিতা আৰু আবেদন নেওচি ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ স্থিতিত অটল থকাৰ কথা জানিবলৈ দিয়ে। সোমবাৰে এয়াৰ ফৰ্চ ৱানত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে গ্ৰীনলেণ্ডক আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অপৰিহাৰ্য বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত গ্ৰীনলেণ্ড অত্যন্ত কৌশলগত স্থানত অৱস্থিত। তেওঁ কয় যে গ্ৰীনলেণ্ডৰ চৌপাশে ৰাছিয়া আৰু চীনৰ জাহাজ ভৰি পৰিছে। ইয়াৰ পূৰ্বে দ্য আটলান্টিক আলোচনীক দিয়া এটা সাক্ষাৎকাৰতো তেওঁ প্ৰতিৰক্ষাৰ স্বাৰ্থত আমেৰিকাক গ্ৰীনলেণ্ডৰ প্ৰয়োজন বুলি মন্তব্য কৰিছিল। ইফালে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকচেনে ট্ৰাম্পৰ এই দাবীক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ডেনমাৰ্ক ৰাজ্যৰ কোনো অংশ দখল কৰাৰ কোনো অধিকাৰ নাই। গ্ৰীনলেণ্ডৰ জনসাধাৰণে ইতিমধ্যে তেওঁলোক বিক্ৰীৰ বাবে নহয় বুলি স্পষ্ট কৰি দিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পক এনে ভাবুকি বন্ধ কৰিবলৈ আহ্বান জনায়। আনহাতে ভেনিজুৱেলাত শেহতীয়াকৈ আমেৰিকাৰ নেতৃত্বত চলা সামৰিক অভিযানৰ পৰিপ্ৰেক্ষিতত গ্ৰীনলেণ্ডক লৈও অনুৰূপ আশংকাই দেখা দিছে। ভেনিজুৱেলাৰ নেতা নিকোলাছ মাদুৰোক আটক কৰি নিউয়ৰ্কত বিচাৰ চলাই থকা কাৰ্যই এই শংকা বৃদ্ধি কৰিছে। ইয়াৰ মাজতে গ্ৰীনলেণ্ডৰ প্ৰধানমন্ত্ৰী জেন্স-ফ্ৰেডেৰিক নীলচেনে দেওবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে গ্ৰীনলেণ্ডৰ সৈতে ভেনিজুৱেলা আৰু সামৰিক হস্তক্ষেপৰ কথা উল্লেখ কৰাটো অপমানজনক। উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত জে ডি ভেন্স-এ গ্ৰীনলেণ্ডৰ এটা আমেৰিকান সামৰিক ঘাটি ভ্ৰমণ কৰি ডেনমাৰ্কে সেই অঞ্চলত কম বিনিয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। Share this:FacebookX Related Post navigation সীমান্তত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱালে জোৱান প্ৰগত সিঙে! ভোটাৰ তালিকাৰ সংশোধনীক লৈ সৰৱ আছু-আটাছুসহ জাতীয় সংগঠন