জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত বিভিন্ন পন্থা গ্ৰহণ কৰিছে বিভিন্নজনে । এইবাৰ চাকৰি এৰিলে চিকিৎসকে ।অসমৰ প্ৰতিজনৰেই এতিয়া এটাই দাবী, ‘জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়’ । বিভিন্নজনে বিভিন্ন ধৰণৰে উত্থাপন কৰিছে দাবী । তাৰ মাজতে মঙলবাৰে লখিমপুৰত এজন চিকিৎসকে চাকৰিৰ পৰা অব্যাহতি গ্রহণ কৰে । তেওঁ কেতবোৰ প্ৰশ্নও উত্থাপন কৰে । জুবিন গাৰ্গৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট এই সিদ্ধান্ত গ্ৰহণ কৰে লোকজনে ।জিলাখনৰ ইছলামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ মৃণ্ময় হাজৰিকাই যুটীয়া সঞ্চালকক মঙলবাৰে অব্যাহতি পত্ৰ প্ৰদান কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *