ইণ্ডি সংগীতৰ গতিশীল জগতখনত বাবাৰ দৰে সৃষ্টিশীলতা আৰু উৎপাদনশীলতাৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ সাহস কৰা শিল্পী খুব কমেই আছে। নিজৰ বৰ্ণিল ষ্টাইল আৰু বিবিধ বাদ্যযন্ত্ৰ পৰিৱেশনৰ প্ৰতিভাৰ বাবে পৰিচিত বাবাই এইবাৰ আন এক সাহসী যাত্ৰাত নামি পৰিছে— সেয়া হৈছে ৩০ দিনীয়া সাংগীতিক প্ৰত্যাহ্বান, যিয়ে কেৱল নিজৰ বহুমুখীতাই নহয়, কলাৰ প্ৰতি থকা অটল দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে। একেধাৰে গায়ক, গীতিকাৰ আৰু প্ৰযোজক বাবা হৈছে উদ্ভাৱন আৰু শিল্পকলাৰ মূৰ্ত সংগীতৰ সত্তা। সৰুৰে পৰা সংগীতৰ প্ৰতি থকা ভালপোৱাৰ বাবেই বিভিন্ন বাদ্যযন্ত্ৰ আৰু ট্ৰেণ্ড অন্বেষণ কৰি সুকীয়া ধৰণে পৰিৱেশন কৰি আহিছে। নিজৰ স্বকীয় শব্দচয়নেৰে অমিয়া সুৰৰ মিশ্ৰণ ঘটাই অপূৰ্ব সংগীত সৃষ্টি কৰি আহিছে। শেহতীয়া প্ৰকল্পটোৱে ইণ্ডি সংগীতৰ চাৰ্টত নতুন ঢৌ সৃষ্টি কৰিছে, যাৰ জৰিয়তে বিশ্বব্যাপী ইণ্ডি জগতত এক উল্লেখযোগ্য ব্যক্তিত্ব হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বাবাৰ ৩০ দিনীয়া সাংগীতিক চেলেঞ্জৰ জৰিয়তে শিল্পী আৰু প্ৰযোজকসকলক সৃষ্টিশীল আৰু সীমাৰ উৰ্ধ্বলৈ গৈ চিন্তা কৰিবলৈ উৎসাহিত কৰা হৈছে। সংগীত জগতত নিজৰ অনন্য পথ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা বাবাৰ পৰা শ্ৰোতাই দৈনিক আকৰ্ষণীয় আৰু মন্ত্ৰমুগ্ধকৰ কাহিনী বা সংগীত আশা কৰিব পাৰে। বাবাৰ এই যাত্ৰাই আধুনিক সংগীত জগতত প্ৰযুক্তি আৰু প্ৰতিভাৰ সম্ভাৱনা প্ৰদৰ্শন কৰা নহয়, লগতে নতুন কলাত্মক উৎপাদনশীলতাৰ মানদণ্ড নিৰ্ধাৰণ কৰিছে আৰু নিজৰ কেৰিয়াৰ আৰু সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। Share this:FacebookX Related Post navigation মহিন্দ্ৰাই এক্সইউভি ৩এক্সঅ’ মুকলি কৰে, যাৰ মূল্য ৭.৪৯ লাখ টকাৰ পৰা আৰম্ভ হয় চিকিৎসক সকলে শিশুৰ সুৰক্ষাৰ বাবে সঠিক টিকাকৰণ অনুসূচীৰ বাবে ওকালতি কৰে