পহিলা জুলাইৰ পৰা ৰাজ্যজুৰি চলি থকা বন মহোৎসৱ সপ্তাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত  জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ সন্মূখত , আদাবাৰী আৰু মালিগাঁৱত গছপুলি বিতৰণ কৰা হয়।

খানামুখ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া জিণ্টো তালুকদাৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে আগ্ৰহী ৰাইজৰ মাজত তেওঁলোকক নিজ গৃহত ৰোপণ কৰিবৰ বাবে অৰ্জুন, ভৈৰা, শিলিখা, আমলখি , মহানিম, বগা চন্দন, জামুকে ধৰি ইয়াৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপ খোৱা থলুৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় ২৫০ টা গছপুলি বিতৰণ কৰা হয়।

ইয়াৰ উপৰিও গছপুলিসমুহ ৰোপণ কৰাৰ পিছত কিদৰে প্ৰতিপালন কৰি পুলিসমুহ ডাঙৰ কৰিব পাৰি তাকো বনকৰ্মী সকলে পুলী গ্ৰহণ কৰা লোকসকলক শিকাই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *