বিশ্ব চলচ্চিত্ৰৰ মানচিত্ৰত অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল যাত্ৰা অব্যাহত ৰাখি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সন্মানিত হ’ল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস। ২০২৫ চনত মুক্তিপ্ৰাপ্ত তেওঁৰ শেহতীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ ২’-ৰ বাবে ৰীমা দাসক নিউয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিছন বঁটাৰে সন্মানিত কৰা হৈছে। পৰিচালনাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদান আৰু বাস্তৱধৰ্মী কাহিনী উপস্থাপনৰ শৈলীৰ বাবে তেওঁক এই স্বীকৃতি প্ৰদান কৰা হয়।

এই বৰ্ষত সমগ্ৰ বিশ্বৰ মুঠ ১১ গৰাকী প্ৰতিভাশালী চলচ্চিত্ৰ নিৰ্মাতাক তেওঁলোকৰ সৃষ্টিশীল কৰ্মৰ বাবে নিৰ্বাচিত কৰা হৈছে, যাৰ ভিতৰত ৰীমা দাস অন্যতম। এই বিৰল সন্মান গ্ৰহণ কৰি পৰিচালকগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে এই স্বীকৃতি তেওঁৰ বাবে কেৱল এক ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ ই ভাৰতীয় চিনেমাৰ সত্য আৰু অভিজ্ঞতাপূৰ্ণ কাহিনীৰ জয়যাত্ৰাক প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ মতে, এনে সন্মানে তেওঁক ভৱিষ্যতেও সৰু অথচ অৰ্থপূৰ্ণ চিনেমা নিৰ্মাণ কৰি যাবলৈ অধিক প্ৰেৰণা যোগাব।

উল্লেখ্য যে, নিউয়ৰ্ক উইমেন ইন ফিল্ম এণ্ড টেলিভিছন হৈছে আমেৰিকাৰ মনোৰঞ্জন জগতৰ এক অগ্ৰণী অলাভজনক প্ৰতিষ্ঠান, যিয়ে চলচ্চিত্ৰ আৰু ডিজিটেল মাধ্যমৰ সৈতে জড়িত মহিলাসকলৰ কৃতিত্বক উদযাপন কৰি আহিছে। প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্থিয়া লোপেজে জানিবলৈ দিয়া মতে, তেওঁলোকৰ লক্ষ্য হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৃষ্টিশীল মহিলাসকলৰ কণ্ঠস্বৰক একত্ৰিত কৰা আৰু তেওঁলোকক এক উপযুক্ত মঞ্চ প্ৰদান কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *