ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত হয়। এই নিহতজন মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক নামৰ সংগঠনটোৰ সদস্য আছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।তথ্য অনুসৰি, জিলাখনৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰত্যন্ত জিনামভেলিত সোমবাৰ (১ ডিচেম্বৰ) য়ে নিশা প্ৰায় ১১ মান বজাত অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়ন আৰু মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক চুমুকৈ এইচপিচি (ডি) উগ্ৰপন্থী সংগঠনৰ মাজত গুলীয়াগুলী চলে।জানিব পৰা মতে নিহত কেডাৰ মোদী মাৰ ওৰফে মেমো জিনামভেলিৰ বৰো আৰ্কাপ গাঁৱৰ বাসিন্দা। এই ঘটনাৰ পাছতে মোদীৰ মাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে। Share this:FacebookX Related Post navigation ভোটাৰ তালিকাৰ পৰা জুবিনৰ নাম কৰ্তন নকৰি এইদৰে লিখিলে BLO য়ে… আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস