অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোর্ডৰ উদ্যোগত ৰবীন্দ্র জয়ন্তী উপলক্ষে আয়োজিত নৃত্য প্রতিযোগিতাৰ ‘ক’ শাখাত ৰাজ্যৰ ১৯খন জিলাৰ প্রতিযোগী সকলৰ লগত প্ৰতিদ্বন্দ্ব্বিতা কৰি সাফল্য পালে উদীয়মান শিশু শিল্পী দিকভিয়ে।

যোৱা ২১জুনত গুৱহাটিৰ শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ স্মৃতি মঞ্চত ‘ক’ বিভাগৰ প্রতিযোগিতাত দিকভিয়ে নিবেদন কৰিছিল ‘আকাশ জুৰে শুনি গো ‘ ৰবীন্দ্র সংগীতত নৃত্য।

বৰপেটাৰোডৰ মিলন নগৰৰ বাসিন্দা প্রদ‍্যুৎ শর্মা আৰু হৈমন্তী শর্মাৰ কন্যা তথা মানাস ভেলি একাডেমিৰ শিক্ষার্থী দিকভিৰ সাফল্যত বৰপেটাৰোড কেন্দ্রীয় ৰবীন্দ্র স্মৃতি মঞ্চ, নেতাজি সুভাষ বসু ভাৱনা মঞ্চ,বিবেকানন্দ ভাৱ‌ প্রচাৰ সমিতি, মানাস দর্পণ পত্রিকা গোষ্ঠী,বৃহত্তৰ বৰপেটৰোড বাঙালী সমাজ, বৰপেটাৰোড প্রেছ ক্লাব ,স্পন্দন সাংস্কৃতিক গোষ্ঠী, জাকৈ এনজিওকে আদি কৰি বিভিন্ন দল সংগঠনে অভিনন্দন জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *