দক্ষিণ এছিয়াৰ দুই চুবুৰীয়া দেশৰ মাজত চলি থকা শেহতীয়া কূটনৈতিক শীতলতাৰ প্ৰভাৱ এতিয়া প্ৰযুক্তি আৰু সংযোগ ব্যৱস্থাৰ ওপৰতো পৰা দেখা গৈছে। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ বাংলাদেশৰ মাজেৰে হাই-স্পীড ইণ্টাৰনেট বেণ্ডউইথ নিয়াৰ যি এক গুৰুত্বপূৰ্ণ পৰিকল্পনা আছিল, তাক এতিয়া মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। বাংলাদেশ টেলি কমিউনিকেচন ৰেগুলেটৰী কমিছনে (বিটিআৰচি) ভাৰতৰ এই ট্ৰেনজিট প্ৰস্তাৱ আনুষ্ঠানিকভাৱে নাকচ কৰাৰ পাছতে অঞ্চলটোৰ ডিজিটেল বিকাশৰ লক্ষ্যত এক মোক্ষম আঘাত পৰিছে। বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে চেন্নাইত থকা ছাবমেৰিন কেবল লেণ্ডিং ষ্টেচনৰ জৰিয়তে ইণ্টাৰনেট সেৱা লাভ কৰে। এই পথ অত্যন্ত দীঘলীয়া হোৱাৰ বাবে ইণ্টাৰনেটৰ গতি প্ৰায়েই লেহেমীয়া হোৱা পৰিলক্ষিত হয়। যদিহে বাংলাদেশৰ ভূখণ্ড ব্যৱহাৰ কৰি বেণ্ডউইথ ট্ৰেনজিটৰ সুবিধা পোৱা গ’লহেঁতেন, তেন্তে এই দূৰত্ব বহু পৰিমাণে হ্ৰাস পালেহেঁতেন আৰু উত্তৰ-পূবৰ প্ৰতিখন চহৰতে অত্যন্ত দ্ৰুত গতিৰ ম’বাইল ইণ্টাৰনেট সেৱা উপলব্ধ হ’লহেঁতেন। পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰৰ দিনত এই বিষয়ত ইতিবাচক আলোচনা চলিছিল যদিও বৰ্তমানৰ চৰকাৰে ইয়াক বাতিল কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মতে, ভাৰতক এনেধৰণৰ ট্ৰেনজিট সুবিধা প্ৰদান কৰিলে দেশখনৰ কৌশলগত অৱস্থান দুৰ্বল হৈ পৰিব পাৰে। তেওঁলোকৰ আশংকা যে এনে পদক্ষেপে বাংলাদেশক এক আঞ্চলিক ডিজিটেল হাব হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাত বাধা দিব। সেয়েহে ইউনুছ চৰকাৰে ভাৰতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এতিয়া নিজাকৈ ছাবমেৰিন কেবল সংযোগ স্থাপনৰ দিহা কৰিছে। চুবুৰীয়া দেশখনৰ এনে একপক্ষীয় সিদ্ধান্তই উত্তৰ-পূব ভাৰতৰ আই টি উদ্যোগ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। Share this:FacebookX Related Post navigation গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ! ১৮ ঘণ্টাত ৩ জনক হত্যা, কুশধোৱাত প্ৰাণ হেৰুৱালে মহিলাই খিলঞ্জীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ চেষ্টা চলাইছে বিজেপিয়েঃ অসম জাতীয় পৰিষদ