ডিব্ৰুগড় নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। ডিব্রুগড় নিৰ্বাচনী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ’ ছাৰ্ভিলেন্স দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। বুধবাৰে সন্ধিয়া ষ্টেটিক ছাৰ্ভিলেন্সৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জি’ৰ পইণ্টত শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা এজন ব্যক্তিৰ পৰা নগদ ৬৯,৩১০ টকা জব্দ কৰাৰ লগতে উক্ত স্থানতেই ফ্লায়িং স্কোৱাডৰ দলে এ এচ০৬ চিচি ৩১৫৫ নম্বৰৰ মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখী এখন বাহনৰ পৰা নগদ ৭১,৮২০ জব্দ কৰে। আনহাতে, খনিকৰ চাৰিআলিত ফ্লায়িং স্কোৱাডৰ দলে তালাচী অভিযান চলাই এখন ইন’ভা বাহনৰ পৰা ৪.৫ লাখ টকা জব্দ কৰে বুলি ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষে জনায়। Share this:FacebookX Related Post navigation চিডচ ইনিশিয়েটিভে সম্প্ৰদায়বোৰত সুৰক্ষিত খোৱা পানীৰ বাবে টেৰা ফিল্টাৰ ব্যৱহাৰ কৰে বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ প্ৰতিস্থা দিৱসত “শ্ৰীকৃষ্ণ লীলা” দ্বিতীয় শীৰ্ষক চলচিত্ৰৰ শুভ মহুৰত