ভাৰতকেয়াৰ আৰু অসম চৰকাৰৰ সহযোগত ডিয়েগ’ ইণ্ডিয়াই শোণিতপুৰ জিলাত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে তপোবন বৃদ্ধাশ্ৰম, তেজপুৰত এই বৃদ্ধাশ্ৰম মুকলিয়ে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলৰ যত্নৰ আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডিয়েগ’ ইণ্ডিয়াৰ কৰ্পৰেট সামাজিক দায়ৱদ্ধতা (চিএছআৰ) পদক্ষেপৰ অধীনত বিশেষ পুঁজিৰে নিৰ্মিত তপোবনে বয়োজ্যেষ্ঠসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বৃদ্ধাশ্ৰমখনত বিশেষভাৱে ডিজাইন কৰা বেডৰুম, ৱাশ্বৰুম, ডাইনিং সুবিধা আৰু বিনোদনমূলক স্থানকে ধৰি অত্যাধুনিক সুবিধা সংলগ্ন কৰা হৈছে। এই সুবিধাসমূহ বিশেষভাৱে সক্ষম ব্যক্তি(পিডব্লিউডি)ৰ বাবেও অনুকূল কৰি প্ৰস্তুত কৰা হৈছে, যাৰ বাবে বৃদ্ধাশ্ৰমখনৰ ডিজাইনত সামগ্ৰিকতাৰ প্ৰসাৰ ঘটোৱা হৈছে। ডিয়েগ’ ইণ্ডিয়াৰ ইভিপি আৰু মুখ্য পৰিচালন বিষয়া আশিস পাৰিখে প্ৰতিষ্ঠানটোৰ স্থানীয় মানুহ-সমাজৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাক আলোকপাত কৰে। ‘তপোবনে আমাৰ বিস্তৃত ইএছজি লক্ষ্যৰ সৈতে সংগতি ৰাখি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক সহায়ক পৰিৱেশ গঢ়ি তোলাৰ বাবে বৃদ্ধাশ্ৰম নিৰ্মাণে আমাৰ সমৰ্পণৰ উদাহৰণ দাঙি ধৰিছে’-এইদৰে মন্তব্য কৰে পাৰিখে। শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাকে ধৰি স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই পদক্ষেপে সমাজলৈ ইতিবাচক প্ৰভাৱ পেলোৱা বুলি উচ্চ প্ৰশংসা কৰে। ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ ভিতৰত আছে তপোবনক ৰাজ্যৰ অন্য স্থানলৈ সম্প্ৰসাৰণ, অসমত বহনক্ষম উন্নয়ন আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি ডিয়েগ’ ইণ্ডিয়াৰ সমৰ্পণক আলোকপাত কৰা। Share this:FacebookX Related Post navigation টাটা এআইজি মটৰ বীমাই বাহনৰ বাবে বাৰিষা সুৰক্ষা কভাৰেজ প্ৰৱৰ্তন কৰিছে বন বিভাগৰ সফল অভিযান