ধুবুৰীত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ পাছতেই এজন অ’চিক নিলম্বন কৰাৰ বিপৰীতে এজনক ৰিজাৰ্ভ ক্ল’জ কৰে। ইয়াৰ বিপৰীতে তদন্তৰ আওতালৈ আহিছে এছ এছ পি লীনা দলে।ঘটনাত জড়িত থকাৰ অভিযোগত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।ধুবুৰীৰ এছ এছ পি লীনা দলে আৰু ২ গৰাকী উপ- আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে বৰ্তমান তদন্ত চলি আছে। তদন্ত কমিটীয়ে ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পাছতে জানিব পৰা যাব যে এইকেইগৰাকী আৰক্ষী বিষয়া কি ধৰণে এই ঘটনাত জড়িত হৈ আছে।আজিও জিলাখনৰ পৰিস্থিতি উন্নত হোৱা নাই। আক্ৰাছুৱে জিলাখনত ১২ ঘন্টীয়া বন্ধৰ আহ্বান কৰিছে। এই বন্ধক সমৰ্থন জনাই ৰাইজৰ দলে ৰাজপথলৈ ওলাই আহিছে। সাধাৰণ ৰাইজেও এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়োৱা দেখা গৈছে। ধুবুৰীত দোকান-পোহৰ বন্ধ হৈ পৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত একাংশ দল-সংগঠনে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অংশ লৈ ৰাইজৰ দলৰ কৰ্মীসকলে ২৪ ঘণ্টাৰ ভিতৰতে ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক নিলম্বন কৰাৰ দাবী জনায়। যদি এনে নকৰে তেন্তে সমগ্ৰ ধুবুৰী জিলা অনিৰ্দিষ্টকালিন বন্ধৰ হুংকাৰ প্ৰদান কৰে দলটোয়ে। Share this:FacebookX Related Post navigation আৰক্ষীৰ জালত ৫ সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী… মাল্টি এচেট এলকেচন ফাণ্ড মুকলি